কাইলৈ শ্বিলঙত নৰ্থ ইষ্ট কাউন্সিলৰ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে

rajnat

অহা সোমবাৰে শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট কাউন্সিল চমুকৈ এনইচি ৬৭ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰিব। মেঘালয়ৰ ৰাজধানী শ্বিলঙত কাইলৈ দিনৰ ২ বজাত এই অধিৱেশনখন অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট কাউন্সিলৰ এই অধিৱেশনখনত ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ লগতে এনইচিৰ সদস্যসকলে অংশগ্ৰহণ কৰিব।

সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনখনত উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’ব।

এই দুদিনীয়া বৈঠকখনতে দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা বিভিন্ন প্ৰকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা, পানী যোগান ব্যৱস্থা, জীৱন ধাৰণৰ মান উন্নত কৰা, ২০২২ চনৰ ভিতৰত কৃষকৰ উৎপাদন দুগুণ কৰা, পথ যোগাযোগ ব্যৱস্থা উন্নত কৰা, সীমান্ত সুৰক্ষা  কটকটীয়া কৰা, আয়ুষ্মান ভাৰত কাৰ্যকৰী কৰা আদি বিষয়ত গঠনমূলক আলোচনা কৰা হ’ব।

আনহাতে এই অধিৱেশনতে কেন্দ্ৰীয় কেবিনেটে ২০১৮ চনৰ মাৰ্চ মাহত মঞ্জুৰি দিয়া এনইচিৰ আঁচনি ২০২০ চনৰ মাৰ্চ মাহলৈ অব্যাহত ৰখা বিষয়ত আলোচনা কৰা হ’ব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ আগমন উপলক্ষে ইতিমধ্যে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।