শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্য মন্ত্ৰীৰ

প্ৰতিনিধিত্বমূলক ফটো

‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে সমগ্ৰ অসমবাসীকে অনুপ্ৰাণিত কৰি আহিছে আৰু ভৱিষ্যতেও সকলো দিশতে অনুপ্ৰেৰণা যোগাই যাব। মহাপুৰুষ গৰাকীৰ আদৰ্শই আমাক শৃংখলাবদ্ধ, সৎ, নিষ্ঠাৱান আৰু কষ্টসহিষ্ণু জীৱন যাপনৰ দিশত প্ৰেৰণা যোগায়। সেয়েহে ৰাজ্যখনৰ নৱ প্ৰজন্মই মহাপুৰুষ গৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজ্যখনক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰাৰ বাবে সকলো দিশতে উৎকৰ্ষতা অৰ্জন কৰিব লাগিব।’ আজি দেৰগাঁও মিছামৰাস্থিত দাধৰা আহোম পথাৰৰ পণ্ডিত ৰায় চাহাব গোপীকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি এনেদেৰে ভাষণ প্ৰদান কৰে।

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত গুৰুজনাই বৃহত্তৰ অসমীয়া জাতিৰ সকলো দিশতে সৰ্বতো প্ৰকাৰৰ বৰঙণি আগবঢায় জাতিৰ ভেটি সুদৃঢ় কৰিছিল বুলি কয়। লগতে গুৰুজনাৰ সৃষ্টি সমূহ সংৰক্ষণ আৰু সৃষ্টিৰাজীৰ অনুশীলনেৰে জাতিটোৰ সাংস্কৃতিক বৈভৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈও মুখ্য মন্ত্ৰী গৰাকীয়ে নৱ প্ৰজন্মক আহ্বান জনায়।

গোলকীয় উষ্ণতা আৰু প্ৰাকৃতিক বাতাবৰণত ইয়াৰ নেতিবাচক প্ৰভাৱৰ দিশটোৰ বিষয়ে উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ঐশ্বৰ্যশালী পাৰিপাৰ্শ্বিকতা সংৰক্ষণ কৰি অসমক এখন প্ৰদুষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত শ্ৰীমন্ত শংকৰদেৱৰ এক বৃক্ষ দশ পুত্ৰ সম শ্লোকৰ মমাৰ্থ উপলব্ধি কৰি প্ৰকৃতি সংৰক্ষণত ব্ৰতী হোৱাৰ বাবেও আহ্বান জনায়।

সৰ্বানন্দই গুৰুজনাৰ সৃষ্টিৰাজি পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুদিত কৰাৰ পদক্ষেপ লোৱাৰ বাবেও শ্ৰীমন্ত শংকৰদেৱ সংঘক আহ্বান জনাই যাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে গুৰুজনাৰ অমৰ সৃষ্টিৰাজি সমূহৰ বিষয়ে জ্ঞাত হয়।

মুখ্য মন্ত্ৰীয়ে বাংগালোৰত ৰাজ্য চৰকাৰে এটা নামঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঠ্যপুথিত শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয় সমূহ অন্তৰ্ভুক্তিৰ বাবে পদক্ষেপ লৈছে বুলি উল্লেখ কৰে।

আজিৰ অধিৱেশনতে সৰ্বানন্দই কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীক শশী চন্দ্র বৰবৰুৱা বঁটা আৰু পদ্ম ৰাজবংশীক কমল চন্দ্ৰ হাজৰিকা স্মাৰক বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই বঁটা সমাজলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰি আহিছে।

কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলেও অধিৱেশনটোত ভাষণ আগবঢ়াই। অধিৱেশনটো পৌৰোহিত্য কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই।

আজিৰ অধিৱেশনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকা, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ড০ কন্দৰ্প কুমাৰ ডেকা, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।