সংখ্যালঘু প্ৰধান এলেকাত এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰত নিজৰ নিজৰ নাম বিচাৰি প্ৰচণ্ড ভিৰ : শিলচৰত এজনৰ আত্মহত্যা

মাজৰাতি এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ মুহূৰ্তত সংবাদমেলত প্ৰতীক হাজেলা আৰু শৈলেশ। ফটো : কল্পজ্যোতি হাজৰিকা।

এন আৰ চিৰ প্ৰথমটো খচৰা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন ঠাইৰ এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰত নিজৰ নিজৰ নাম বিচাৰি ভিৰ লগা পৰিলক্ষিত হৈছে। বিশেষকৈ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত এই ভিৰ বেছি হোৱা দেখা গৈছে। যদিও এন আৰ চিৰ তথ্য সন্ধান কৰিব পৰাকৈ কেইবাটাও ৱেবছাইট থকাৰ কথা চৰকাৰে ঘোষণা কৰিছে, এইবোৰ অত্যন্ত ধীৰ হোৱা হেতুকে তথা কিছুমানটো নোখোলা বাবে আৰু লগতে গাওঁ অঞ্চলৰ বহুতো লোকে ইয়াৰ ব্যৱহাৰ নজনা বাবে সেৱাকেন্দ্ৰবোৰত ভিৰ কৰিছেগৈ।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত খবৰমতে এছ এম এছ যোগে তথ্য ল’ব পৰাৰ সুবিধাটোৱেও সঠিক আৰু নিয়মীয়াভাৱে কাম কৰা নাই।

আনহাতে আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল একেটা পৰিয়ালৰে কিছুমানৰ নাম থকাৰ বিপৰীতে আন এজন বা দুজনৰ নাম পোৱা যোৱা নাই। কাৰোবাৰ যদি পতি-পত্নীৰ নাম আছে, সন্তানৰ নাম নাই। কাৰোবাৰ আকৌ পৰিয়ালৰ মুৰব্বী তথা সন্তানৰ নাম আছে, কিন্তু পত্নীৰ নাম নাই। এন আৰ চি উন্নীতকৰণ কৰিব লাগে বুলি সততে সৰৱ হৈ অহা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰো পৰিয়ালৰ এজন সদস্যৰ নাম বৰ্তমানৰ খচৰাত নথকাৰ কথা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এন আৰ চি কৰ্তৃপক্ষৰ পৰা জনোৱা মতে, যিসকলে সমৰ্থন নথি হিচাপে গাওঁ পঞ্চায়তৰ নথি জমা দিছিল, সেইসকলৰ নাম প্ৰথম খচৰাত নহাৰ সম্ভাৱনা আন সকলতকৈ বেছি। কাৰণ উচ্চ ন্যায়ালয়ে পঞ্চায়তৰ নথিক সমৰ্থন নথি হিচাপে গ্ৰহণযোগ্য নহয় বুলি কোৱাৰ পিছত এন আৰ চি কৰ্তৃপক্ষই তেওঁলোকৰ নাম বাদ দিছিল। কিন্তু পিছত এক গুৰুত্বপূৰ্ণ ৰায় দি উচ্চতম ন্যায়ালয়ে পঞ্চায়তৰ নথিক বৈধতা দিয়াত সেইবোৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।

আনহাতে শেহতীয়া খবৰমতে শিলচৰত আজি এজন লোকে আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে। এটা সূত্ৰই কয় যে এই লোকজন এন আৰ চিত তেওঁৰ নাম নথকাক লৈ উদ্বিগ্ন হৈ আছিল। তেওঁৰ আত্মহত্যাৰ সৈতে এন আৰ চিৰ সম্পৰ্ক আছে নে নাই সেই কথা এতিয়া আৰক্ষীৰ ফালৰ পৰা নিশ্চিত কৰিবলৈ বাকী।