সংস্কাৰ ! মিঠাই এটাও নোখোৱাকৈয়ে স্বাস্থ্য বিভাগত নিযুক্তি দিলে ১০৬৫গৰাকী স্বাস্থ্য কৰ্মীক

হিমন্তৰ নিযুক্তি পত্ৰ বিতৰণ

স্বাস্থ্য বিভাগত নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰি হৈ থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটাও মিঠাই নোখোৱাকৈয়ে স্বাস্থ্যকৰ্মীসকলক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে।

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগৰ অধীনত নতুনকৈ ১০৬৫ গৰাকী স্বাস্থ্যকৰ্মীক চৰকাৰীভাৱে নিযুক্তি প্ৰদান কৰে স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰে ৭৮৬ গৰাকী ষ্টাফ নাৰ্ছ হিচাপে আৰু ২৭৯ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

স্বাস্থমন্ত্রীগৰাকীয়ে সদৰী কৰে যে  ১৫ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত নিৰ্মাণ হৈ থকা মডেল হাস্পতালসমূহত এই ১০৬৫ গৰাকী স্বাস্থ্য কৰ্মীক নিযুক্তি দিয়া হ’ব। সৰ্বমুঠ ৫৬ খন হাস্পতালৰ বাবে নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়া হৈছে।

ইতিমধ্যে ২৫ খন ম’ডেল হাস্পতালৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে যদিও বাকীকেইখনৰ কাম অহা ৩-৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ সদৰী কৰে।

চিকিৎসা মহাবিদ্যালয়ত খালী থকা নাৰ্চৰ পদসমূহো আজিৰে পৰা পূৰণ হ’ব বুলি  প্ৰকাশ কৰি তেওঁ লগতে কয়, ‘আজি স্বাস্থ্য বিভাগৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। স্বাস্থ্য বিভাগত যিমানেই মানৱ শক্তি বাঢ়ে সিমানে স্বাস্থ্যখণ্ডৰ উন্নতি হয়।‘

‘বহুদিনৰ পৰা অসমৰ বহু সংবাদমাধ্যমত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়া বন্ধ কৰি থৈছে বুলি বাতৰি প্ৰচাৰ হৈ আছিল’ বুলি উনুকিয়াই দি তেওঁ কয়, ‘আজি আমি ২৭৯ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিছো। চতুৰ্থ বৰ্গৰ নিযুক্তি বন্ধ হ’ব বুলি প্ৰকাশ পোৱা বাতৰি তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়।‘

অহা ৩-৪ দিনৰ ভিতৰত স্বাস্থ্যখণ্ডত কেইবাটাও পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে।

পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত যিখন তালিকা প্ৰকাশ পায় তাৰ পাছত যদি ভুৱা জাতিগত প্ৰমাণ পত্ৰ দিয়া বুলি সন্দেহ হয়, তেন্তে সেই প্ৰমাণ পত্ৰ পৰীক্ষণৰ বাবে জিলা উপায়ুক্তলৈ পঠিয়াই দিয়া হ’ব। তাৰ পিছত তেওঁ পৰীক্ষণ কৰি ভুৱা বুলি যদি  আমাক জনায় তেন্তে নিযুক্তি পোৱা প্ৰাৰ্থীগৰাকীৰ নিযুক্তি বাতিল কৰা হ’ব,‘ – স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়।