সকলো ৰাইজ ওলাই আহিছে; ই অসমীয়া জাতি জীয়াই থকাৰ লক্ষণ : অখিল গগৈ

AkhilGogoi

অখিল গগৈ। ফাইল ছবি।

জাতিধ্বংসী, সংবিধানৰ মূল বৈশিষ্ট্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে আজি সকলো ৰাইজ ওলাই অহাটো অসমীয়া জাতিৰ জীয়াই থকাৰ লক্ষণ বুলি মন্তব্য কৰিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। “আজি মোৰ জীৱনৰ আজি এটা ভাল দিন। সকলো ৰাইজ ওলাই আহিছে। ই অসমীয়া জাতি জীয়াই থকাৰ লক্ষণ।” আজি খানাপাৰাত সাংবাদিকৰ আগত এইদৰে কয় কৃষক নেতাজনে।

উল্লেখযোগ্য যে আজি খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমৰ ৰাইজ-দল-সংগঠনৰ মত ল’বলৈ সংসদীয় যুটীয়া কমিটীয়ে শুনানিৰ ব্যৱস্থা কৰিছিল। উক্ত শুনানিত কৃষক মুক্তিৰ ফালৰ পৰা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি নিজৰ ভাষ্য দিয়াৰ লগতে স্মাৰকপত্ৰ দিয়াৰ পিছত সাংবাদিকৰ আগত ওপৰোক্ত মন্তব্য কৰে কৃষক নেতাজনে। লগতে তেওঁ বিধেয়কখনৰ বিৰোধিতা কৰি ওলাই অহা প্ৰতিজন নাগৰিকক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে নেতাজনে যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে দুদিনমান পূৰ্বে দিল্লীত ‘ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল। গতিকে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াত আপত্তি ক’ত বুলি’ কৰা মন্তব্যটো উঠাই ল’বলৈ দাবী জনায়।

লগতে নেতাজনে এই শুনানি পক্ৰিয়াত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, “বৰাক উপত্যকাৰ তিনিখন জিলাৰ বাবে দুদিন শুনানিৰ দিন ধাৰ্য কৰাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৩০খন জিলাৰ বাবে মাত্ৰ এদিন শুনানি অনুষ্ঠিত কৰাটোক চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিয়ে।

আনহাতে বিজেপি চৰকাৰে হিন্দু বিদেশীক ভাৰতত সংস্থাপন কৰিব বিচৰা সিদ্ধান্ত বাতিল নকৰিলে অসম আন্দোলনতকৈও ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৃষক নেতাজনে। তেওঁৰ লগতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলেও উক্ত স্থানত হিন্দু বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দি ধৰ্ণা, শ্ল’গান দিয়া পৰিলক্ষিত হয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, গগৈয়ে সাংবাদিকৰ আগত কোৱা মতে, যুটীয়া সমিতিয়ে তেওঁক প্ৰশ্ন কৰে যে অসমৰ বাহিৰে আন ৰাজ্যত যদি নিৰ্যাতিত হিন্দুসকলক নাগৰিকত্বসহ সংস্থাপন কৰে, তেন্তে তেওঁ তাক মানি ল’ব নেকি বুলি প্ৰশ্ন সুধিছিল। উত্তৰত তেওঁ দুটা চৰ্ত আগ বঢ়ায়- ১। অসমক জন্মু আৰু কাশ্মীৰৰ দৰে যদি বিশেষ ৰাজ্যৰ মৰ্য্যাদা দিয়ে আৰু ২। অৰুণাচল প্ৰদেশৰ দৰে অসমত অসমৰ খিলঞ্জীয়া লোকৰ বাদে আনে মাটি-বাৰী কিনিব নোৱৰাৰ ব্যৱস্থা কৰাৰ লগতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰে, তেন্তে অসমৰ বাহিৰত সংস্থাপন কৰিলে আপত্তি নাই বুলি কোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে।