• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সচিত্ৰ কাহিনীৰ কিতাপ লিখি সকলোকে বিস্মিত কৰিছে চাৰি বছৰীয়া অয়নে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 6:12 pm
Ayan_Gogoi

চাৰি বছৰ বয়সতেই কিতাপ লিখি মানুহৰ মনত বিস্ময় জগোৱা অয়ন গগৈ গোহাঁই।

419
VIEWS
Share on FacebookShare on Twitter

অয়ন গগৈ গোহাঁই নামৰ এটি ফুলকুমলীয়া শিশুৱে লিখি উলিয়ালে এখন সচিত্ৰ কাহিনীৰ কিতাপ। যি বয়সত সাধুকথা শুনিবলৈ সৰু ল’ৰা-ছোৱালী আনৰ মুখলৈ চাই থাকে, সেই বয়সতেই অয়নে লিখি উলিয়ালে ৩০টা চুটি কাহিনী।

শিশুটিৰ এই কাহিনীকেইটা আৰু তেওঁ অঁকা ৩০টা সু্ন্দৰ চিত্ৰ একেলগ কৰি ‘হানিকম’(Honeycomb’), অৰ্থাৎ ‘মৌচাক’ নামৰ এখন কিতাপখন প্ৰকাশ হ’বলৈ গৈ আছে।

কিতাপখন নতুন দিল্লীৰ অথৰপ্ৰেছ প্ৰকাশন গোষ্ঠীটোৱে প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

জানিব পৰামতে অতি সংবেদনশীল আৰু বুদ্ধিসম্পন্ন এই বিস্ময় শিশুটিয়ে এবছৰ বয়সৰ পৰাই ছবি আঁকিবলৈ আৰম্ভ কৰিছিল আৰু ৩ বছৰ বয়সত সাধুকথাৰ দৰে কাহিনী লিখিবলৈ আৰম্ভ কৰিছিল। চাৰি বছৰ বয়সত অয়নে অসমীয়া আৰু ইংৰাজীত নিজকে প্ৰকাশ কৰিব পৰা হৈছিল।

শব্দ, ৰং, স্বাদ আৰু দৃশ্যৰ প্ৰতি বিশেষ আকৰ্ষণ প্ৰকাশ আৰু সূক্ষ্ম পৰ্যৱেক্ষণ আৰু উচ্চমানৰ প্ৰকাশিকা শক্তি হৈছে ‘হানিকম’ৰ যাত্ৰাৰ আৰম্ভণি।

সূত্ৰটোৱে জনাইছে যে অয়নৰ কিতাপখন সন্দৰ্ভত পুনেৰ প্ৰাক্তন নৌসেনা বিষয়া, আন্তৰ্জাতিক খ্যাতিসম্পন্ন লিখক, কবি দিলীপ মহাপাত্ৰই প্ৰশংসাপূৰ্ণ মন্তব্য আগ বঢ়াইছে। আনহাতে ছমাৰছেটৰ বিখ্যাত ঔপন্যাসিক মাইকেল ফৰেষ্টাৰে কয়, ‘অয়নৰ লেখাবোৰ আৰু তেওঁৰ ছবিবোৰে তেওঁৰ শিশুসুলভ উচ্ছ্বাসক আমাৰ আগত দাঙি ধৰিছে। তেওঁৰ সুৰুচিপূৰ্ণ আৰু মননশীল অন্তৰ্দৃষ্টিয়ে তেওঁ যে ল’ৰালিৰ সৰলতা থাকিও নিজৰ বয়সতকৈ আগ বঢ়া সেইটোও দেখুৱাইছে।’

Ayan_Gogoi_2

‘এইখন এনেকুৱা এখন কিতাপ যিখন প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ে উপভোগ কৰিব পাৰিব।’ কিতাপখন সন্দৰ্ভত এইদৰে কয় উত্তৰ কেৰ’লিনাৰ কালাবাশ্ব নিৱাসী লেখিকা জোৱান লিওটাই।

অয়নৰ কিতাপখনৰ গুণকীৰ্তন কৰাসকলৰ ভিতৰত পুনে মেট্ৰ’ৰ মহা প্ৰবন্ধক তথা লেখক নীলম ছাক্সেনাও আছে।

জানিব পৰা মতে কে জি ৱানৰ ছাত্ৰ অয়নৰ যোগ, কাৰ্টুন, ফটোগ্ৰাফি আৰু ভ্ৰমণত যথেষ্ট ৰাপ আছে। বেডমিন্টন আৰু ফুটবল খেলি ভাল পোৱা আয়নৰ ফুলনি পতাৰো চখ আছে।

উল্লেখযোগ্য যে অয়ন RESTIৰ ভূতপূৰ্ব সঞ্চালক পূৰ্ণকান্ত গগৈ আৰু চৰকাৰী বিষয়া জানকী শইকীয়া গগৈৰ নাতি। তেওঁৰ দেউতাক জিতু গোহাঁই পাৱাৰ গ্ৰীড কৰ্প’ৰেইশ্যন অব ইণ্ডিয়াৰ ডি এম আৰু মাক সংগীতা গগৈ মেৰাকী চেন্টাৰৰ যোগ থেৰাপিষ্ট আৰু সঞ্চালিকা।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd