সজাগতা সভাৰ নামত আবণ্টিত ৪০ লাখ টকাৰ ব্যাপক খেলিমেলি : অভিযোগ বৰপেটা জিলা অনুসূচিত জাতি নিবনুৱা সন্থাৰ

National-commission-for-scheduled-castes-326x245

অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও প্ৰকৃতাৰ্থত এই আঁচনিসমূহৰ সুফল অনুসূচিত জাতিৰ লোকসকলে লাভ কৰা নাই। যাৰ ফলস্বৰূপে অনুসূচিত জাতিৰ লোকসকল আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। এই অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি নিবনুৱা সন্থাৰ বৰপেটা জিলা সমিতিয়ে।

মূলতঃ অনুসূচিত জাতিৰ লোকসকলৰ মাজত সজাগতাৰ অভাৱ, বিভাগীয় কৰ্তৃপক্ষৰ অবহেলা আদিৰ বাবে অনুসূচিত জাতিৰ লোকসকল বহুক্ষেত্ৰত আঁচনিসমূহৰ সম্পৰ্কে অৱগত নহয়। ইয়াৰ বিপৰীতে একাংশ চৰকাৰী বিষয়া আৰু একাংশ বেচৰকাৰী সংস্থাই অনুসূচিত জাতিৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ নামত চৰকাৰী ধনৰ খেলি-মেলি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

সন্থাটোৱে উত্থাপন কৰা অভিযোগ অনুসৰি, অনুসূচিত জাতিৰ উন্নয়নৰ নামত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে চৰকাৰে ২০১৭-১৮ বৰ্ষত প্ৰায় ৪০ লাখ টকা ধাৰ্য কৰিছিল যদিও একাংশ বেচৰকাৰী সংগঠন আৰু একাংশ চৰকাৰী বিষয়াৰ অনিয়মৰ বাবেই এই সজাগতা সভাসমূহ প্ৰহসনত পৰিণত হৈছে।

উল্লেখ্য যে, চৰকাৰে গ্ৰহণ কৰা এই আঁচনিসমূহ সন্দৰ্ভত সৰহ সংখ্যক অনুসূচিত জাতিৰ লোকেই অৱগত নহয় বাবে বেছিভাগ লোকে এই আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আহিছে।

আনহাতে ৰাজ্য চৰকাৰে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে বেচৰকাৰী সংস্থাসমূহৰ পৰা নিবিদা আহ্বান কৰে। এই নিবিদাৰ ভিত্তিতেই অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ২০ টা বেচৰকাৰী সংস্থাক দায়িত্ব অৰ্পণ কৰে। প্ৰতিটো বেচৰকাৰী সংস্থাক ২ লাখকৈ টকা আবণ্টন দিয়ে।

কিন্তু অনুসূচিত জাতি নিবনুৱা সংস্থাৰ বৰপেটা জিলা সমিতিয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, সজাগতা সভা অনুষ্ঠিত কৰাৰ নামত এই আবণ্টিত প্ৰায় ৪০ লাখ টকাৰ সৰহভাগেই আত্মসাৎ হৈছে। সন্থাটোৱে জনোৱা অনুসৰি, বেচৰকাৰী সংস্থাসমূহে সজাগতা সভা অনুষ্ঠিত কৰিছিল নে নাই সেয়া জনা নাযায় যদিও এই সজাগতা সভাসমূহ সম্পৰ্কে অনুসূচিত জাতিৰ প্ৰায় সংখ্যক সাধাৰণ লোক মুঠেই অৱগত নহয়।

ইয়াৰ উপৰি বৰপেটা জিলাত এনে সজাগতা সভা অনুষ্ঠিত হৈছিল নে নাই সেয়া জিলাখনৰ অনুসূচিত জাতিৰ প্ৰায় সংখ্যক সাধাৰণ লোকে নাজানে বুলিও কয় বৰপেটা জিলা অনুসূচিত জাতি নিবনুৱা সন্থাটোৱে। যাৰ বাবে অনুসূচিত জাতিৰ সাধাৰণ লোকসকল বহু আঁচনি সম্পৰ্কত এতিয়াও অজ্ঞ তথা বঞ্চিত হ’বলগা হৈছে। এই বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে অনুসূচিত জাতি নিবনুৱা সন্থাৰ বৰপেটা জিলা সমিতিয়ে।