NORTHEAST NOW (Assamese)

সত্ৰপীঠ মাজুলীত সুৰাৰ ঘাটি উচ্ছেদ; বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

April 19, 2018 1:53 pm · মিটু খাটনিয়াৰ
Updated: April 19, 2018 2:53 pm

অবৈধ সুৰাৰ অবাধ স্থলিলৈ ৰূপান্তৰ হৈছে সত্ৰপীঠ মাজুলী। পুৱা গধুলি চৈধ্য প্ৰসংগ, নাম কীৰ্তনেৰে মূখৰিত হৈ থকা পবিত্ৰ তীৰ্থভূমি হিচাপে পৰিচিত মাজুলীত এতিয়া চলিচে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা।

নিতৌ চোৰাং ভাবে উত্তৰ লখীমপুৰ আৰু যোৰহাটৰ পৰা আমদানিকৃত সুৰাই যেন চানি ধৰিছে মাজুলী।

মাজুলীৰ সামাজিক বাতাবৰণ বিনষ্ট কৰি তোলা অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে মাজুলী জিলা প্ৰশাসনে অভিযান চলাই বহু সময়ত সুৰাৰ ঘাটি সমুহ উচ্ছেদ কৰি আহিছে যদিও পুনৰ অসাধু চক্ৰৰ চক্ৰান্তত গা কৰি উঠে এই ব্যবসায়ে।

আজি মাজুলী জিলা কাৰ্যবাহী দণ্ডাধীশ নিকিতা বৰুৱা আৰু আবকাৰী বিষয়া অৰুণজ্যোতি ভড়ালীৰ নেতৃত্বত চলোৱা এক অভিযানত মাজুলীৰ জেংৰাইমূখত বহুকেইটা সুৰাৰ ঘাটি উচ্ছেদ কৰা হয়।

অভিযানকাৰী দলটোৱে ঘাটি সমুহত থকা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰাৰ লগতে থলুৱাভাবে প্ৰস্তুত কৰা চুলাই নষ্ট কৰে। তদুপৰি পুনৰ যাতে এই ব্যৱসায়ে অঞ্চলটোত গা কৰি উঠিব নোৱাৰে তাৰ বাবে অবৈধ ঘাটি সমূহ ভাঙি পেলায় ।

Related News