সদৌ অসম নাৰ্ছ সংস্থাই দাবী তুলিলে সাক্ষাৎকাৰ অবিহনে নিযুক্তিৰ

সদৌ অসম নাৰ্ছ সংস্থা, চমুকৈ ‘আনা’ই (AANA) দাবী তুলিছে যে তেওঁলোকৰ অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ মুঠ ৮৩২ গৰাকী নাৰ্ছক কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত নকৰাকৈ নিযুক্তি দিব লাগে। যোৱা ১৬ আৰু ১৭ ডিচেম্বৰত বৰপেটা মেডিকেল কলেজত অনুষ্ঠিত একাদশ ত্ৰিবাৰ্ষিক অধিৱেশনত ‘আনা’ই এই দাবী কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে অলপতে অসমৰ মেডিকেল কলেজবোৰত মুঠ ৮৩২ গৰাকী নাৰ্ছৰ পদ খালী আছে বুলি জাননী জাৰি কৰিছিল আৰু সেইবোৰ সোনকালেই পূৰোৱা হ’ব বুলিও জনাইছিল। ‘আমি চৰকাৰক সাক্ষাৎকাৰ প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাবী জনাইছো আৰু লগতে জি এন এম আৰু এ এন এম উত্তীৰ্ণসকলক পোনপটীয়াকৈ নিযুক্তি দিয়াৰ দাবী জনাইছো।’ এন ই নাওক এইদৰে কয় সংস্থাটোৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়া। তেওঁ নিজৰ দাবীৰ সমৰ্থনত কয় যে জি এন এম পাঠ্যক্ৰম লোৱাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে সাক্ষাৎকাৰত অৱতীৰ্ণ হয়। গতিকে পাঠ্যক্ৰমটো পাছ কৰাৰ পিছত আকৌ সাক্ষাৎকাৰৰ কিয় মুখামুখি হ’ব লাগে। ‘এইটো কোনো যুক্তিসংগত কথা নহয় আৰু আমি ইয়াত সন্দেহৰ গোন্ধ পাইছো।’ জুনু চুতীয়া দিহিঙীয়াই কয়।

আনহাতে শ্ৰীমতী দিহিঙীয়াই কয় যে তেওঁলোকে চৰকাৰক জি এন এম আৰু এ এন এম বিদ্যালয়বিলাক মহাবিদ্যালয় পৰ্য্যায়লৈ উন্নীত কৰিবলৈ আহ্বান জনাই আহিছে। তাৰোপৰি তেওঁ কয়,  ‘কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীকো নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে যোগ্য বুলি বিবেচনা কৰা উচিত। আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিয়া বৃত্তিৰ পৰিমাণ বৃদ্ধি কৰি প্ৰতিজনৰ ৫০০০ টকা কৰিব লাগে।’ তেওঁ জনায় যে অসমত বিভিন্ন চিকিৎসাকেন্দ্ৰত মুঠ ১২০০০ গৰাকী জি এন এম নাৰ্ছে কাম কৰি আছে।

এন ই নাওৰে হোৱা সাক্ষাৎকালত আন এটা বিষয় উত্থাপন কৰি তেওঁ কয়, ‘আমি ষ্টাফ নাৰ্ছ হিচাপে নিযুক্ত হৈছো আৰু সেৱা আগ বঢ়াই আছো। ষ্টাফ নাৰ্ছ হিচাপেই দৰমহাও লৈ আছো। গতিকে ডিগ্ৰীৰ ওপৰ-তল চাই কোনো ভেদ ৰাখিব নালাগে। বি এছ চি আৰু জি এন এম ডিগ্ৰী থকা উভয়েই ষ্টাফ নাৰ্ছ হিচাপে কৰ্মৰত। কিন্তু সপ্তম দৰমহা আয়োগৰ অধীনত বি এছ চি নাৰ্ছসকলৰ গ্ৰেড পেই ৮৭০০ টকা কৰা হৈছে। আমি একে কাম একেই দৰমহাৰ দাবী কৰো। আমাৰ দাবী ৩১ ডিচেম্বৰৰ ভিতৰত যদি চৰকাৰে মানি নলয়, আমি আন্দোলন কৰিবলৈ বাধ্য হ’ম।’ এইদৰে কয় জুনু চুতীয়া দিহিঙীয়াই।

উল্লেখযোগ্য যে বৰপেটাত হোৱা সন্মিলনখনতে সদৌ অসম নাৰ্ছ সংস্থাৰ পুৰণি কমিটিখন ভংগ কৰি নতুনকৈ গঠন কৰা হয়, য’ত জুনু চুতীয়া দিহিঙীয়া প্ৰধান সম্পাদিকা আৰু অঞ্জনা শইকীয়া সভানেত্ৰী নিৰ্বাচিত হয়। দুদিনীয়াকৈ পতা সন্মিলনখনত অন্যান্য কেইবাটাও সিদ্ধান্ত লোৱা বুলি সমিতিৰ তৰফৰ পৰা এন ই নাওক জনায়।