সদৌ আদিবাসী নেশ্যনেল লিবাৰেইশ্যন আৰ্মিৰ দুজন সদস্যক গ্ৰেপ্তাৰ

ANLA
আজি সেনা-আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে অভিযানৰ সময়ত মৰাণ চাহ বাগিচাৰ পৰা সদৌ আদিবাসী নেশ্যনেল লিবাৰেইশ্যন আৰ্মি, চমুকৈ ‘আনলা’ৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে। সদস্য দুজন ক্ৰমে জয়ন্ত হ (২৭) আৰু মাংগ্ৰা নাগবংশী (৩০) বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে তেওঁলোকৰ পৰা মেগজিনৰ সৈতে এটা ৯ এম এম পিষ্টল জব্দ কৰে।
অভিযানকাৰী দলটোৱে দুয়োজনকে মৰাণ আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে।
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ পানেছাৰে কয়, ‘বিদ্ৰোহী সংগঠনটো বৰ্তমান চৰকাৰৰ সৈতে যুদ্ধবিৰতিত আছে যদিও মাজে মাজে সমস্যাৰ সৃষ্টি কৰি আহিছে। তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব।’
উল্লেখযোগ্য যে সদৌ আদিবাসী নেশ্যনেল লিবাৰেইশ্যন আৰ্মি নামৰ এই সংগঠনটোৰ জন্ম হৈছিল যোৱা ২০০৬ চনত। মূলতঃ চাহ জনগোষ্ঠী লোকৰ মাজৰ পৰা জন্ম হোৱা সংগঠনটোত প্ৰায় ১০০ মান সদস্য আছে।
আনহাতে সংগঠনটোৱে দাবী কৰা মতে তেওঁলোকে চাহ জনগোষ্ঠীৰ লোকৰ সংস্কৃতিৰ সুৰক্ষা তথা অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি আছে। তেওঁলোকৰ অন্যতম দাবীৰ ভিতৰত ৰাজ্যখনৰ চাহ জনগোষ্ঠীটোক জনজাতিকৰণ আৰু বিতাড়িত তথা স্থানান্তৰিত লোক সকলক পুনৰ সংস্থাপিত কৰা।