NORTHEAST NOW (Assamese)

সদ্যহতে ৰুমীৰ সপোন এখন হুইলচেয়াৰৰ! এখন হুইলচেয়াৰ হ’লেই চাব পাৰিব তাই সূৰযৰ কিৰণ

June 20, 2018 9:38 am · মিণ্টু দাস
Updated: June 20, 2018 9:40 am
নিজৰ ভগা বিছনাখনত দুৰ্ভগীয়া ৰুমী শৰ্মা।

বিগত ৮ বছৰে ৰক্তিম সূৰুযৰ কিৰণ নেদেখাৰ দৰে দুৰ্ভাগ্য হৈছে এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ দিন-ৰাতি পাৰ হয় এটা জুপুৰিৰ এটা সৰু কোঠালিত। অনৱৰতে এখন ভগ্নপ্ৰায় শেতেলিত পৰি দিন অতিবাহিত কৰা এই যুৱতী গৰাকীৰ নাম ৰুমী শৰ্মা। নগাঁৱৰ শিঙিয়া পুতনিৰ বিৰহীগাঁ‌ৱঁৰ ডিম্বেশ্বৰ শৰ্মা আৰু নিৰলা শৰ্মাৰ একমাত্ৰ সন্তান ৰুমী শৰ্মা।

৮ বছৰৰ পূৰ্বে ৰুমীৰ আছিল এটা স্বাভাৱিক চপল জীৱন। আছিল জীৱনৰ স্বাভাৱিক ছন্দ-গতি, চকুত অলেখ সপোন। কিন্তু ভাগ্যৰ পৰিহাসত আজি ৰুমী পৰিণত হৈছে এটা কৰুণগাথাত।

৮ বছৰৰ পূৰ্বে ঘৰৰ ভিতৰতে  বিদ্যুৎস্পৃষ্ট হৈ কঁ‌কালত বেয়াকৈ আঘাত পায় ৰুমীয়ে। ওচৰৰ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰৰ চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে।

অৱশেষত ৰুমীক গুৱাহাটীলৈ নিয়া হয়। গুৱাহাটীত চিকিৎসকে ৰুমীৰ কঁ‌কাল ভগাৰ কথা প্ৰকাশ কৰে। অত্যন্ত দুখীয়া পৰিয়ালৰ হোৱা বাবে ৰুমীৰ চিকিৎসা আধৰুৱা কৰি ঘৰলৈ ওভতাই অনা হয়। তাৰ পিছত ৰুমী হৈ পৰিল এখন বিছনাৰ নিত্য সংগী। যোৱা আঠ বছৰে একেই অৱস্থাৰে এখন বিছনাক সাৰথি কৰি দিন কটাব লগীয়া হৈছে ৰুমীয়ে।

ৰুমীৰ কৰুণগাথা ইমানতে শেষ হোৱা নাই। ৰুমীক উন্নত চিকিৎসা দিব পৰাকৈ ঘৰখন মুঠেই সচ্ছল নহয়। ৰুমীৰ বৃদ্ধা মাতৃয়ে কাণেৰে নুশুনে। তাৰোপৰি তেওঁৰ এখন ভৰি অক্ষম প্ৰায়। এইদৰেই তেওঁ ঘৰৰ সকলো কাম কৰাৰ লগতে ৰুমীৰ সমস্ত কামো কৰিব লগা হয়।

আনফালে যথেষ্ট বয়স হোৱা বাবে দেউতাকেও দুয়োটা চকুৰে প্ৰায় নেদেখাই হৈছে।

এই অৱস্থাতো ৰুমীৰ আছে জীয়াই থকাৰ অদম্য হেঁপাহ। দুচকুত আছে এদিন ভাল হোৱাৰ সপোন। আছে মন পুৱাৰ সূৰুযৰ কিৰণৰে কথা পাতিবলৈ।

সদ্যহতে ৰুমীৰ সপোন এখন হুইল চেয়াৰৰ। চৰকাৰৰ কোনো আঁ‌চনিয়ে ঢুকি নোপোৱা ৰুমীয়ে কাতৰ অনুৰোধ জনাইছে- কোনো হৃদয়ৱান ব্যক্তিয়ে তেওঁক অকণমান দয়াৰ চকুৰে চোৱাটো।

অসমৰ কোনো সদাশয় ব্যক্তি, দল-সংগঠনৰ সময় হ’বনে ৰুমীৰ বাবে অকণমান ভাবিবলৈ? অকণমান সহায়ৰ হাত আগ বঢ়াবলৈ? বেছি ডাঙৰ সহায় নহয়, মাথোঁ এখন হুইলচেয়াৰ। এই সপোন পূৰ কৰিবলৈ ৰুমী, তাইৰ মাক-দেউতাকৰ লগতে অঞ্চলটোৰ ৰাইজৰ কাতৰ আহ্বান।

Related News