NORTHEAST NOW (Assamese)

সন্তানক বিহ খুৱাই লংকাত মাকৰ আত্মহত্যাৰ চেষ্টা

April 24, 2018 4:55 pm · এন ই নাও নিউজ

এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা নিঃস্বাৰ্থ প্ৰেমৰ কোনো সীমা নাই। কিন্তু এগৰাকী মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কত কালিমা সানি লংকাত সোমবাৰে এগৰাকী মাতৃয়ে নিজ সন্তানক বিহ খুৱাই হত্যা কৰাৰ চেষ্টা চলায়।

প্ৰাপ্ত তথ্য মতে হোজাই জিলাৰ লংকাৰ জাৰণি গাঁৱত সোমবাৰে নিশা এগৰাকী মাতৃয়ে নিজৰ দুই সন্তানক বিহ খুৱাই হত্যা কৰাৰ চেষ্টা কৰাৰ লগতে নিজেও আত্মহত্যাৰ চেষ্টা কৰে। সন্তান দুটি ফিৰদৌছ আহমেদ আৰু ইলিয়াছ আলী বুলি জানিব পৰা গৈছে।

অৱশ্যে স্থানীয় লোকে ঘটনাৰ বিষয়ে জানিব পাৰি তাৎক্ষণিকভাৱে মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ সন্তান দুটিক চিকিৎসালয়লৈ নিয়ে।

আনহাতে চিকিৎসালয়তে ফিৰদৌছ আহমেদ নামৰ ৩ বছৰীয়া কণমানি শিশুটোৰ মৃত্যু হোৱাৰ লগতে আনটি শিশু ইলিয়াছ আলী আৰু মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে মহিলাগৰাকীয়ে কি পৰিস্থিতিত পৰি এনেদৰে নিজৰে দুই সন্তানক বিহ খুৱাই  হত্যাৰ চেষ্টা কৰাৰ লগতে নিজেও আত্মহত্যাৰ চেষ্টা চলাই তাক বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ঘটনাই অঞ্চলোট এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

 

Related News