সন্তোষ ট্ৰফীঃ আজি উৰিষ্যাৰ বিপক্ষে সমুখ সমৰত নামিব ছিকিম

Sikkim football team

বিহাৰত অনুষ্ঠিত হোৱা সন্তোষ ট্ৰফী কোৱালিফায়িং ৰাউণ্ডৰ এখন খেলত ছিকিমে জয়লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ৰবিবাৰে অনুষ্ঠিত হোৱা পূব মণ্ডলৰ খেলখনত ছিকিমে ঘৰুৱা দল বিহাৰক ৩-০ ব্যৱধানত পৰাজিত কৰে।

উল্লেখযোগ্য যে মঙলবাৰ অৰ্থাৎ আজি ছিকিমৰ দলটোৱে দ্বিতীয়খন কোৱালিফায়িং ৰাউণ্ডত সমুখ সমৰত নামিব উৰিষ্যাৰ বিপক্ষে।

স্মৰ্তব্য যে আজিৰ খেলখনত যিটো দলে জয়লাভ কৰে সেইটো দলে সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পৰৱৰ্তী ৰাউণ্ডলৈ প্ৰৱেশ কৰিব পাৰিব।

উল্লেখযোগ্য যে প্ৰথম মেচখনত ছিকিমৰ দুৰ্দান্ত ষ্ট্ৰাইকাৰ দ্বয় নাগেন টামাং আৰু পেলছাং লামাৰ গ’লৰ সহায়ত অনাশায়ে ধৰাশায়ী কৰিবলৈ সক্ষম হৈছিল বিহাৰৰ দলটোক। যাৰ কাৰণে ছিকিম দলটোৰ মনোবল তুংগত আছে।

মেচখনৰ প্ৰথমাৰ্ধৰ ২১ মিণিটতে পেলছাঙৰ গ’লৰ সহায়ত ছিকিমে অগ্ৰগতি ল’বলৈ সক্ষম হৈছিল। প্ৰথমাৰ্ধৰ অন্তত এক গ’লেৰে আগবাঢ়ি থকা ছিকিমে দ্বিতীয়াৰ্ধত অধিক আক্ৰমণাত্মক খেল দেখুৱাই। ইয়াৰ পৰিণতিতে ৬১ মিণিটত নাগেনে গ’ল কৰি ছিকিমৰ অগ্ৰগতি দুগুণ কৰিলে। আনহাতে মেচৰ ইঞ্জুৰি টাইমত পেণাল্টিৰ জৰিয়তে খেলৰ তৃতীয়টো গ’ল আৰু পেলছাঙে ব্যক্তিগত দ্বিতীয়টো গ’ল কৰিবলৈ সক্ষম হয়।

ছিকিম ফুটবল দলৰ মেনেজাৰ অৰ্জুন ৰায়ে খেলখনৰ অন্তত সংবাদ মাধ্যমৰ আগত কয় ‘মেচখনৰ প্ৰথমাৰ্ধত আমাৰ খেলুৱৈ সকলে কিছু অসুবিধাৰ সন্মুখীন হৈছিল কিয়নো খেলুৱৈ সকলৰ বাবে সকলোবোৰ নতুন আছিল। কিন্তু মেচৰ দ্বিতীয়াৰ্ধত দলটোৰ খেলুৱৈ সকল সম্পূৰ্ণৰূপে পৰিৱেশৰ লগত অভ্যস্ত হৈ পৰে আৰু খেলখনত পূৰ্ণ আধিপত্য কৰে। মেচখনত প্ৰত্যেক খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিছে’।

সন্তোষ ট্ৰফী উপলক্ষে  ছিকিম দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্বত আছে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইছুং ভূটীয়া আৰু প্ৰশিক্ষক হিচাপে আছে সুৰেন চেত্ৰী।