সন্ধানহীন ৰেৱতী ফুকনঃ ৯ মে’ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা বন্ধ ঘোষণা ১২ টা জাতীয় সংগঠনৰ

31189643_1942875795725254_5465004773562384384_n-570x320

নিৰুদ্দিষ্ট হৈ থকা ৰেৱতী ফুকন : ফাইল ফটো

ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত অসম আৰক্ষী ব্যৰ্থ হৈছে। এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন দল-সংগঠনে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। পিচিজিৰ সদস্য তথা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ বন্ধু, এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ ৰেৱতী ফুকনৰ সন্ধান উলিয়াই দিয়াৰ দাবীত অহা ৯ মে’ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছে ১২ টাকৈ জাতীয় সংগঠনে।

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ইয়ং ব্লু ক্লাৱত দেওবাৰে অনুষ্ঠিত জাতীয় সংগঠনকেইটাৰ প্ৰতিনিধিত্বমূলক প্ৰতিবাদী সভাত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে দেওবাৰৰ সভাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অসম সংগ্ৰামী মঞ্চ, পিচিজি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, মটক জাতীয় পৰিষদ, মটক যুৱ ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সন্মিলিত খিলঞ্জীয়া পৰিষদ আৰু সন্মিলিত অসমীয়া যুৱ শক্তিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ৰাজ্য তথা কেন্দ্ৰৰ গৃহ বিভাগক অতি শীঘ্ৰে সন্ধানহীন ফুকনক উদ্ধাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে যদি কোনোধৰণৰ তৎপৰতা দেখুওৱা নহয় তেন্তে আগন্তুক দিনত সমগ্ৰ অসমতে জংগী আন্দোলনৰ কাৰ্যসূচী লোৱা হ’ব বুলি আটাইকেইটা সংগঠনৰ বিষয়ববীয়াই এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে।

উল্লেখযোগ্য  যে পিচিজিৰ সদস্যগৰাকী সন্ধানহীন হোৱাৰ আজি এটা পষেকতকৈ অধিক সময় পাৰ হৈ যোৱাৰ পাছতো ৰাজ্য অথবা কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত কোনোধৰণৰ দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে বিভিন্ন মহলত। আনহাতে, ৰেৱতী ফুকনৰ নিৰুদ্দেশক লৈ বিভিন্ন ৰাজনৈতিক দল তথা ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।