সন্ধানহীন ৰেৱতী ফুকনৰ বাসগৃহত উপস্থিত আছু নেতৃত্ব

31189643_1942875795725254_5465004773562384384_n-570x320-1

বৃহস্পতিবাৰে ৰেৱতী ফুকনৰ জেৰাই চকলিভৰীয়া গাঁৱত থকা মূল ঘৰত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আছুৰ বিষয়ববীয়াসকলৰ সৈতে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত হৈ ৰেৱতী ফুকনৰ ভাতৃ লক্ষ্যধৰ ফুকনক সাক্ষাৎ কৰে।

পি চি জিৰ সদস্য ৰেৱতী ফুকন সন্ধানহীন হোৱা বিষয়টো যাতে কোনোৱে ৰাজনৈতিক ৰহণ সানি তল পেলাবলৈ যত্ন নকৰে তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

ৰেৱতী ফুকনৰ ভাতৃক সাক্ষাৎ কৰি গগৈয়ে তেওঁৰ উদ্ধাৰৰ ক্ষেত্ৰত যথোপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱা বুলি কয়।

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে আলফা আৰু চৰকাৰৰ মাজত অনুষ্ঠিত হৈ থকা শান্তি আলোচনাৰ ক্ষেত্ৰত ৰেৱতী ফুকনে ৰাজনৈতিকভাৱে এটা সমাধান সূত্ৰ উলিয়াবলৈ যথেষ্ট চেষ্টা অব্যাহত ৰখা বুলিও দোহাৰে।

সেয়েহে ৰেৱতী ফুকনক উদ্ধাৰৰ ক্ষেত্ৰত সকলো পক্ষকে সহযোগিতা আগবঢ়াবলৈ আছুৱে আহ্বান জনাইছে।

উল্লেখযোগ্য যে আলফা আৰু চৰকাৰৰ শান্তি আলোচনাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পৰাই নিৰুদ্দেশ হৈ আছে। আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত ৰাজ্যৰ আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।