NORTHEAST NOW (Assamese)

সন্মুখত থানা দেখি চোৰে বোকাখাতৰ পথতে এৰি থৈ গ’ল চুৰ কৰি অনা বলেৰ’ গাড়ী

June 23, 2018 11:01 pm · উত্তম শইকীয়া
চুৰ কৰি আনি এৰি থৈ যোৱা ব'লেৰোখন।

বোকাখাতত শনিবাৰে পুৱা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এখন ক’লা বৰণৰ বলেৰ’ গাড়ী৷ মেঘালয়ৰ পৰা চুৰ কৰি অনা গাড়ীখন পুৱতি নিশা বোকাখাততে এৰি ৰহস্যজনকভাৱে পলায়ন কৰে গাড়ীৰ চোৰ৷ পাছত নিশাৰ পহৰাত থকা আৰক্ষীয়ে গৰাকীবিহীন গাড়ীখন পাই বোকাখাত আৰক্ষী থানালৈ আনি অনুসন্ধান আৰম্ভ কৰে৷

এম এল ০৫-জে ২৬২৬ নম্বৰৰ গাড়ীখনৰ বিষয়ে মেঘালয় আৰক্ষীৰে যোগাযোগ কৰি বোকাখাত আৰক্ষীয়ে গাড়ীখন মেঘালয়ৰ পৰা চুৰ কৰি অনা বুলি জানিব পাৰে৷

উল্লেখযোগ্য যে সন্মুখত বোকাখাত আৰক্ষী থানা দেখি ধৰা পৰাৰ ভয়তো গাড়ীখন চোৰে এৰি যোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে চোৰে গাড়ীখন বোকাখাতত এৰি যোৱাৰ আচল কাৰণ এতিয়াও অন্ধকাৰত৷

ইতিমধ্যে গাড়ীখনৰ বিষয়ে অনুসন্ধান কৰিবৰ বাবে ২৪ জুনত মেঘালয় আৰক্ষী বোকাখাতলৈ অহাৰ কথা৷

Related News