অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন আংশিক খচৰা প্ৰকাশ পোৱাৰ পিছতে ছ’ছিয়েল মিডিয়া যোগে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সাংসদ আৰ পি শৰ্মাই। অসমবাসীৰ ওচৰত বিতৰ্কিত সাংসদ ৰুপে পৰিচিত শৰ্মাই এন আৰ চিৰ ভিত্তিবৰ্ষ সমগ্ৰ দেশতে ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব লাগে বুলি মন্তব্য কৰে। যদিহে সমগ্ৰ দেশতে এই ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হয় তেন্তে চিনাক্তকৰণ হোৱা বিদেশীয়ে দেশৰ আন কোনো ৰাজ্যতে থাকিব নোৱাৰে। তদুপৰি ভাৰতত মুঠ ৫ কোটি বাংলাদেশী থকা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাংসদগৰাকীয়ে। ইয়াৰ উপৰি মমতা বেনাৰ্জীয়ে বাংলাদেশী নাগৰিকক ভাৰতলৈ অনুপ্ৰৱেশত প্ৰেৰণা তথা সহায় আগবঢ়াই আছে। একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশী লোকক আশ্ৰয় প্ৰদান কৰিছে। ইয়াৰ ফলত অনাগত দিনত বাংলাদেশীয়ে ভাৰতক যথেষ্ট পৰিমাণে ক্ষতি কৰিব। এনেদৰে ছ’ছিয়েল মিডিয়া যোগে গুৰুত্বপূৰ্ণ তথা বিতৰ্কিত মন্তব্য আগবঢ়াই তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাই।
সমগ্ৰ দেশতে এন আৰ চিৰ ভিত্তিবৰ্ষ হ’ব লাগে ১৯৭১ চনৰ ২৫ মাৰ্চ: আৰ পি শৰ্মা
-
By NE NOW NEWS
- Categories: অসম
Related Content
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
এন ই নাও নিউজ
May 18, 2024 12:16 pm
শ্বাহৰুখক লৈ প্ৰীতি জিন্তাই কৰা মন্তব্যত তোলপাৰ বলীউডত! কি এনে কথা ক’লে প্ৰীতিয়ে?
By
এন ই নাও নিউজ
May 18, 2024 11:57 am