• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাজ কল্যাণ বিভাগৰ ঠিকাদাৰ পৱন আগৰৱালাৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2018 2:48 pm
248
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ চৰকাৰৰ আমোলত সমাজ কল্যাণ বিভাগত হোৱা অবাধ দুৰ্নীতিৰ তদন্ত কৰি থকা অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই ইতিপূৰ্বে বিভাগটোৰ দুজনকৈ প্ৰাক্তন সঞ্চালক, ক্ৰমে দিলীপ বৰঠাকুৰ আৰু কুমুদ কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া বিচাৰি ফুৰিছে বিভাগটোত উঠিৰজা-বহিৰজা হোৱা ঠিকাদাৰ পৱন আগৰৱালাক।

জানিব পৰামতে এই পৱন আগৰৱালাই ৰাজনৈতিক বলেৰে বলীয়ান হৈ বিভাগটোত দীৰ্ঘদিন ধৰি লুণ্ঠন চলাই আহিছিল। সমাজ কল্যাণত বিভিন্ন আঁচনিৰ অধীনত সামগ্ৰী যোগান ধৰাৰ ঠিকাৰ নামত প্ৰৱঞ্চনাৰে নামমাত্ৰ সামগ্ৰী যোগানৰ লগতে নিম্নমানৰ সামগ্ৰী যোগান ধৰি কোটি কোটি টকা সৰকাই আহিছিল। এইবোৰৰ ভাগ পাইছিল বিভাগটোৰ বিষয়াৰ লগতে ৰাজনৈতিক নেতায়ো।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে বিভাগটোৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অলপতে প্ৰাক্তন সঞ্চালক কুমুদ কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছত বহুবোৰ তথ্য লাভ কৰিছে। তদাৰকী শাখাটোৱে ইতিমধ্যে বহুকেইখন আঁচনিৰ নথি-পত্ৰ পুংখানুপুংখকৈ পৰীক্ষা কৰিছে আৰু এইবোৰৰ ভিত্তিতে প্ৰাক্তন সঞ্চালক কুমুদ কলিতাক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া বিভাগটোত ঘটা বৃহৎ কেলেংকাৰিৰ তদন্তত ঠিকাদাৰজনক সাঙুৰি লোৱাটো অতিকৈ প্ৰয়োজন বুলি তদন্তকাৰী শাখাটোৱে জানিবলৈ দিছে।

সম্প্ৰতি পলাতক অৱস্থাত থকা পৱন আগৰৱালাক গ্ৰেপ্তাৰ কৰিব পাৰিলে কোনে কোনে এই ধনৰ ভাগ পাইছিল আৰু কোন কোন ৰাজনৈতিক নেতাৰ হস্তক্ষেপত পৱন আগৰৱালা কাম পাবলৈ সক্ষম হৈছিল এইবোৰ জানিব পৰা যাব।

উল্লেখযোগ্য যে পৱন আগৰৱালাই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আজি ভালেমান দিনৰ পৰা আত্মগোপন কৰি আছে। তদন্তকাৰী শাখাটোৱে আগৰৱালাৰ সন্ধান দিওঁতালৈ পঞ্চাচ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd