NORTHEAST NOW (Assamese)

সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক দায়িত্বৰ পৰা অব্যাহতি

November 21, 2017 8:47 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

শেহতীয়াকৈ বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা তথা সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ অহা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰবৰ্তীক অসম চৰকাৰৰ জনসংযোগ বিভাগে ‘ৰাইজৰ বাতৰি’ৰ পৰা তেওঁ পালন কৰি থকা উপদেষ্টাৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে। উল্লেখযোগ্য যে চক্ৰবৰ্তীৰ শেহতীয়া মন্তব্যই ছ’চিয়েল মিডিয়াত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছিল। বিশেষকৈ চক্ৰবৰ্তীয়ে যুৱ নেতা কমল কুমাৰ মেধিক জাতত ধৰি গালি পৰাক লৈ আৰু কলিতা জাতিক সাঙুৰি কথা কোৱা বাবে তেওঁ ছ’চিয়েল মিডিয়াত কটু সমালোচনাৰ সন্মুখীন হৈছে। অসমৰ বহুকেইঠাইত বিভিন্ন দল-সংগঠনে তেওঁৰ মন্তব্যৰ প্ৰতিবাদ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে শেহতীয়াকৈ থানাত একাধিক গোচৰ ৰুজু হৈছে।

আনহাতে আজি পুৱাৰ ভাগত এখন সংবাদমেল আয়োজন কৰি বিশিষ্ট সাংবাদিকজনে তেওঁ ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি লোৱা বুলি ঘোষণা কৰে। সংবাদমেলখনত চক্ৰবৰ্তীয়ে কয় যে তেওঁ অসম সাহিত্য সভাৰ কমিটিকে ধৰি সকলো ধৰণৰ ৰাজহুৱা কাম-কাজৰ পৰা আঁতৰি আহিছে আৰু তেওঁক অসমৰ মানুহে মৃত বুলি ধৰিব পাৰে। তেওঁ নিজকে সকলো ধৰণৰ সভা-সমিতিৰ পৰা আঁতৰাই ৰাখিব বুলিও ঘোষণা কৰে।

Related News