সাংসদ বিশ্বজিৎ দৈমাৰীৰ অনুদানেৰে সৰভোগত আশ্ৰম-কবৰস্থান চৌহদৰ দেৱালৰ আধাৰশিলা স্থাপন

IMG-20180625-WA0001

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলা বিপিএফ দলৰ সম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত দলটোৰ সাংসদ, বিধায়ক তথা নেতা-কৰ্মীসকলে গুৰুত্ব প্ৰদান কৰি অহাৰ সময়তে বিপিএফ দলৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ উন্নয়ণ পুঁজিৰ পৰা ৰায়পুৰ আঞ্চলিক  কবৰস্থানৰ চাৰিসীমাৰ দেৱাল  নিৰ্মাণ আৰু একেখন পঞ্চায়তৰ অন্তৰ্গত বেঁকীপাৰ শ্ৰী শ্ৰী উমাৱতি আশ্ৰম প্ৰেক্ষাগৃহৰ কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখ্য যে বিটিএডিত দীৰ্ঘদিনে হিন্দু-মুছলিমৰ সংঘাত তথা শান্তি-সম্প্ৰীতিৰ সংগ্ৰাম অব্যাহত থকাৰ সময়তে বিপিএফ দলৰ সৰভোগ সমষ্টিৰ প্ৰাথমিক কৰ্মী সকলৰ সহযোগত ১৩ বছৰীয়া এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত সৰভোগ সমষ্টিৰ অন্তৰ্গত কলহভাঙা গাঁও পঞ্চায়তত থকা হিন্দু-মুছলমানৰ ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানত এনেধৰণৰ উন্নয়নমূলক কাৰ্যাৱলী হাতত ল’বলৈ সক্ষম হোৱা কাৰ্যই স্বাভাৱিকতে অঞ্চলটোত এক আশাৰ ৰেঙণী কঢ়িয়াই আনিছে।

আধাৰশিলা অনুষ্ঠানত ২০ নং মথনগুৰী সমষ্টিৰ এমচিএলএ  গৌতম দাস, বৰপেটা জিলা বিপিএফৰ সভাপতি প্ৰদীপ দেবনাথ, মথনগুৰী ব্লক কমিটিৰ সভাপতি  খনিন্দ্ৰ ব্ৰহ্ম(গবলা), বৰপেটা জিলাৰ কোষাধ্যক্ষ আব্দুল ৰৌফ, সভাপতি মোজাম্মেল হক,  প্ৰাইমাৰী সভাপতি ইকবাল হুছেইন, সাধাৰণ সম্পাদক মতিয়াৰ ৰহমান,  আল্লাল উদ্দিন মাষ্টাৰ আদি কৰি বিশিষ্ট ব্যক্তি সকলে উপস্থিত থাকি শান্তি-সম্প্ৰতিৰ সমূহীয়া উন্নয়নৰ বাৰ্তা আগবঢ়ায়।

উল্লেখণীয়ভাৱে স্থানীয় লোক সকলে এনেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা কাৰ্যক বৰপেটা জিলা বিপিএফৰ কোষাধ্যক্ষ আব্দুল ৰৌফক ভূঁয়সী প্ৰশংসা কৰি শলাগ লয়।