সাম্প্ৰদায়িক মেৰুকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে চৰকাৰে : ড০ সমুজ্জ্বল ভট্টাচাৰ্য

06-06-18 Guwahati- AASU & karmachari parisad rally (11)

বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠন, শিল্পী-সাহিত্যিক তথা সাধাৰণ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। বিধেয়কখন বাতিলৰ দাবীত এক বলিষ্ঠ পদক্ষেপ লৈ আছে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে। বুধবাৰে গুৱাহাটীত দুয়োটা সংগঠনে যৌথভাৱে ‘প্ৰতিবাদী যাত্ৰা’ ৰূপায়ন কৰি ‘জাতিধ্বংসী’ বিধেয়কখন শীঘ্ৰেই বাতিল কৰাৰ দাবী উত্থাপন কৰে।

মহানগৰীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা আছু আৰু কৰ্মচাৰী পৰিষদৰ দুই সহস্ৰাধিক সদস্যই মহাত্মা গান্ধী পথেৰে সমদল কৰি ৰাজভৱনত উপস্থিত হৈ যৌথভাৱে বিধেয়কখনৰ বিৰোধিতাৰে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ক্ষেত্ৰত অসম চৰকাৰে খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি সিদ্ধান্ত লওক। মেঘালয়ত বিজেপিৰ মিত্ৰ চৰকাৰে যদি বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰে অসম চৰকাৰে কিয় নোৱাৰে।‘ তেওঁ লগতে যিকোনো পৰিস্থিতিতে বিধেয়কখন বাতিল হ’বই লাগিব বুলি মন্তব্য কৰে। ইয়াৰ লগতে তেওঁ আজি একাংশ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীহে ওলাই আহিছে, যদি সকলো কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী ওলাই আহে চৰকাৰ বিপদত পৰিব বুলিও ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰক সকীয়নি দিয়ে।

তদুপৰি ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশৰ পাছতহে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰিব বুলি কৈ থকা কথাষাৰৰ তীব্ৰ বিৰোধিতা কৰি ড০ সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী দুয়োটা কথাই বেলেগ বেলেগ। চৰকাৰে ইয়াৰ জৰিয়তে সাম্প্ৰদায়িক মেৰুকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে।‘

বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰ উপৰিও অসম চুক্তি ৰূপায়ণৰ সময় নিৰ্ধাৰিত কাৰ্যসূচী (Time bound action plan) প্ৰস্তুত কৰা, অসমৰ খিলঞ্জীয়া ৰাইজক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা আৰু অসমত থকা অবৈধ বাংলাদেশী বিতাড়নৰ বাবে বাংলাদেশৰ লগত ভাৰত চৰকাৰৰ  দ্বিপাক্ষিক চুক্তি কৰাৰ দাবী উত্থাপন কৰে।

বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা, সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদ প্ৰমুখ্যে দুয়োটা সংগঠনৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে।