সাময়িকভাৱে সান্ধ্যআইন প্ৰত্যাহাৰৰ পাছতে ক্ৰমাৎ স্বাভাৱিক হৈছে শ্বিলঙৰ বৰা বাজাৰ

Bara_Bazar

শ্বিলঙৰ প্ৰশাসনে বুধবাৰে সাময়িকভাৱে সান্ধ্যআইন প্ৰত্যাহাৰ কৰাৰ পাছতে ক্ৰমাৎ স্বাভাৱিক হ’বলৈ আৰম্ভ হৈছে বৰা বাজাৰৰ পৰিস্থিতি।

বুধবাৰে মাথোঁ পাঁচ ঘণ্টাৰ বাবে সান্ধ্যআইন প্ৰত্যাহাৰ কৰাৰ পাছত ক্ষুদ্ৰ ব্যৱসায়ী সকলে শাক- পাচলিকে আদি কৰি ফল- মূল আৰু অন্যন্য সামগ্ৰী প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া দৰত বিক্ৰী কৰে। এই সময়ছোৱাত বৰা বাজাৰত বহু সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হয়।তেওঁলোকে আৰক্ষী- নিৰাপত্তাৰক্ষীৰ পহৰাৰ মাজতে ততাতৈয়াকৈ প্ৰয়োজনীয় সামগ্ৰী সমূহ ক্ৰয় কৰে বুলি জানিব পৰা গৈছে।

অৱশ্যে ক্ষুদ্ৰ ব্যৱসায়ী সকলে বৰা বাজাৰত বিভিন্ন সামগ্ৰীৰ বিক্ৰী কৰ্ যদিও এই সময়ছোৱাত লক্ষণীয়ভাৱে ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ থাকে।

উল্লেখযোগ্য যে যোৱা প্ৰায় এসপ্তাহ ধৰি চলি থকা তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ বাবে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে স্থানীয় প্ৰশাসনে। সেয়েহে এইক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। সমস্যাটোৰ গভীৰতা উপলব্ধি কৰিয়েই আজি মেঘালয় চৰকাৰে এইক্ষেত্ৰত ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়াৰ বাবে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সম্প্ৰতি শ্বিলঙত কোনোধৰণৰ হিংসাত্মক ঘটনাৰ সূত্ৰপাত হোৱা নাই আৰু পৰিস্থিতি পূৰ্বৰ তুলনাত প্ৰায় স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে।