সাহিত্য সভাই জাতীয় পৰিচয় হেৰুৱাইছে, ই এতিয়া এটা মেলামুখী অনুষ্ঠান : বিধায়ক মৃণাল শইকীয়া

Mrinal saikia

‘অসম সাহিত্য সভাৰ পূৰ্বৰ যিটো পৰিচয় আছিল, জাতীয় সত্তা তথা ভাবমূৰ্তি আছিল, সেয়া ক্ৰমাৎ নোহোৱা হৈ গৈছে। ই এতিয়া এক প্ৰকাৰৰ মেলাত পৰিণত হৈছে।‘ আজি এই মন্তব্য কৰিছে দেৰগাওঁ সমষ্টিৰ শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই। তেওঁ লগতে কয়, ‘এনে এটা অনুষ্ঠানক বছৰেকীয়া পাৰিতোষিক প্ৰদান নকৰিবৰ বাবে মই চৰকাৰক আহ্বান জনাইছো।‘

অসমীয়া জাতীয় জীৱনৰ পৰিচয় বহন কৰা জাতীয় অনুষ্ঠানটোৰ বিৰুদ্ধে এজন জনপ্ৰতিনিধিৰ এই মন্তব্যই স্বাভাৱিকতে বহুতকে হতবাক কৰাৰ লগতে ইয়াৰ আঁৰত ৰাজনৈতিক অংক আছে নেকি বুলিও প্ৰশ্ন কৰিছে বহুতে। আন একাংশই শেহতীয়াকৈ ৰাজনৈতিক নেতাসকল চৰ্চাত থাকিব বিচৰা প্ৰৱণতাৰ অংশ বুলিও মন্তব্য কৰিছে।

লগতে বিধায়কজনে সাহিত্য সভাৰ লগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰো তুলনা কৰি আঁহফলা উদাহৰণ দাঙি ধৰে। বিধায়কজনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তুলনাত অসম সাহিত্য সভাক হেয় প্ৰতিপন্ন কৰি কয় যে অসম সাহিত্য সভাতকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান সময়ত জাকত-জিলিকা অনুষ্ঠান হিচাপে ৰূপান্তৰিত আছে।

লক্ষণীয় কথা এয়ে যে তেওঁ দেৰগাঁৱত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সভাৰ এজন মূল বিষয়ববীয়া আছিল।

বিধায়কজনে শ্ৰীমন্ত শংকৰদেৱ সংঘক চৰকাৰে বছৰেকীয়া পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰা নাই বুলিও কয়।

তেওঁ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘই অসম সাহিত্য সভাৰ তুলনাত বেছিকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই বুলি মন্তব্য কৰে। শংকৰদেৱ সংঘই এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

‘শ্ৰীমন্ত শংকৰদেৱ সংঘই শৈক্ষিক, সাংস্কৃতিক তথা ধৰ্মীয় দিশতো অসম সাহিত্য সভাক চেৰ পেলাইছে। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘই ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনিছে।‘ এইদৰে কয় বিজেপিৰ বিধায়কজনে।

‘অসমীয়া মানুহৰ সাহিত্য সভাৰ প্ৰতি থকা আস্থা ইতিমধ্যে নাইকীয়া হৈ গৈছে।‘ তেওঁ যোগ দিয়ে।

লক্ষণীয় যে বিধায়কগৰাকীয়ে সাহিত্য সভাক মেলামুখী চৰিত্ৰ ত্যাগ কৰাৰ লগতে বৌদ্ধিক দিশত আগুৱাই যাবৰ বাবে আহ্বান জনায়। তদুপৰি সাহিত্য সভাত মাজে-সময়ে চলি থকা বিতৰ্কসমূহ নাইকিয়া কৰিবৰ বাবেও আহ্বান জনায়।

তেওঁ তথ্য দি কয় যে অসম চৰকাৰে সাহিত্য সভাক ২০১৬-১৭ বৰ্ষত ১ কোটি ৩০ লাখ টকা আৰু এই বৰ্ষত ৫০ লাখ টকা প্ৰদান কৰিছে।

তদুপৰি সাহিত্য সভাৰ পদবী নিৰ্বাচন প্ৰক্ৰিয়াত ৰাজনৈতিক দলসমূহতকৈও বেছি ৰাজনীতি সোমাই পৰা বুলিও শইকীয়াই কয়।