NORTHEAST NOW (Assamese)

সাহিত্য সভাৰ নিৰ্বাচনৰ ভিতৰুৱা কথা : বহুতেই গম নাপায় সভাপতি হিচাপে নিজৰ নাম থকাৰ কথা

December 30, 2017 11:40 am · এন ই নাও নিউজ

আজিৰ তাৰিখত ঘটা অসম সাহিত্য সভাৰ স্খলনৰ বিষয়ে নতুনকৈ জনাব লগীয়া একো নাই। কিন্তু শেহতীয়া সভাপতি নিৰ্বাচনৰ পিছত বিতৰ্কিত ব্যক্তিয়ে সন্মানীয় পদটো লাভ কৰাৰ পিছত বিভিন্নজনৰ অনুসন্ধানত এটা কথা পোহৰলৈ আহিছে যে সভাপতি পদৰ প্ৰাৰ্থী হিচাপে নাম থকা বহুকেইজন লোকে তেওঁলোকে যে সভাপতি পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে গমেই নাপায়। নিৰ্বাচনৰ নামত সাহিত্য সভাই কেৱল ভেঁকো-ভাওনাই নহয়, বৰেণ্য সাহিত্যিকসকলকো অপমান কৰিলে। সংবিধান সংশোধন কৰাৰ নামত পৰমানন্দ ৰাজবংশীয়ে নিজে সভাপতি হোৱাৰ বাট মুকলি কৰাটো এতিয়া স্পষ্ট হৈ পৰিছে।

জানিব পৰামতে সংবিধানৰ বৰ্তমানৰ নিয়মমতে শাখা আৰু জিলা সাহিত্য সভাৰ পৰা নিজৰ পচন্দৰ ব্যক্তিৰ নাম প্ৰাৰ্থী হিচাপে প্ৰেৰণ কৰিব পাৰে। যিজন ব্যক্তিৰ নাম শাখা তথা জিলাৰ পৰা বেছিকৈ আহে তেৱেঁ নিৰ্বাচিত হয়। এতিয়া কথা হ’ল- শাখা/জিলা সভাবোৰ কাৰ প্ৰভাৱেৰে চলি আছে। সেইবোৰত কাৰ মানুহ আছে? লগতে তেওঁলোকক কাৰ নাম প্ৰস্তাৱ কৰিলে লাভ হোৱাৰ অংক দেখুওৱা হয়? এই নতুন ব্যৱস্থাটোৰ জৰিয়তে কাৰ সুবিধা সৃষ্টি কৰা হ’ল?

তাৰোপৰি প্ৰশ্ন হয় শাখা/জিলা সভাবোৰ এনে পৰ্য্যায়ত চলি আছে নে যিবোৰে পৰমানন্দক কুল শইকীয়া, য়েছে দৰজে ঠংছিতকৈ, নাহেন্দ্ৰ পাদুন, ড০ ৰমেশ পাঠক আদিতকৈ বেছি সাহিত্যিক বুলি ভাবে? সাহিত্য সভাৰ সভাপতিৰ বাবে বেছি উপযুক্ত লোক বুলি ভাবে?

খবৰ কৰি জানিব পৰামতে অসম সাহিত্য সভাই তালিকা প্ৰকাশ কৰাৰ পূৰ্বে সভাপতিৰ নিৰ্বাচনৰ তালিকাত নাম থকা বহুতেই নিজৰ প্ৰাৰ্থিত্ব সম্পৰ্কে অৱগত নহয়। তাৰোপৰি পূৰ্বে এবাৰ সভাৰ সভাপতি হোৱাৰ পিছতো হোমেন বৰগোহাঞিৰ নাম আকৌ সভাপতি হিচাপে প্ৰক্ষেপিত হোৱাৰ আঁৰতো ষড়যন্ত্ৰৰ গোন্ধ পাইছে ৰাইজে।  বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে এইদৰে এজন বিতৰ্কিত অসাহিত্যিক ব্যক্তিৰ হাতত পৰাজিত কৰোৱাই বৰেণ্য সাহিত্যিকসকলক অপমান কৰাৰ অধিকাৰ অসম সাহিত্য সভা তথা পৰমা বাহিনীয়ে ক’ত পালে?

আনহাতে কালি সাংবাদিকৰ আগত পৰমানন্দ ৰাজবংশীয়ে তেওঁ নিজে সভাপতি হোৱাৰ ইচ্ছা কৰা নাছিল অসমৰ মানুহে তেওঁক জোৰ কৰা বাবেহে হৈছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে। লগতে তেওঁ কৈছিল, ‘ঠংছি ককাইদেউ দ্বিতীয় স্থানত থকা হ’লেও তেওঁকে মই পদটো দিলো হেঁতেন।’

Related News