সাৰি নগ’ল আৰক্ষী বিষয়াও : উত্‍‍কোচ লওঁতেই গ্ৰেপ্তাৰ পল্টনবজাৰ থানাৰ উপ-পৰিদৰ্শক বীৰেন কুমাৰ বৰাক

Police_Arrested

উৎকোচ লোৱাসকলৰ তালিকাখন এইখন চৰকাৰৰ দিনত চুটি হৈছে বুলি যদিও প্ৰচাৰ চলোৱা হৈছে, ইজনৰ পিছত সিজন বিষয়া-কৰ্মচাৰী উৎকোচ লোৱা আৰু অন্যান্য দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈ আছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত বাদ পৰা নাই খোদ আৰক্ষী বিষয়াও।

কিছু দিন পূৰ্বে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী পৰিদৰ্শক হৃদয় কলিতাক উৎকোচ লোৱাৰ অপৰাধত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত ৭ আগষ্টত একে ধৰণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল পল্টন বজাৰ থানাৰ উপ-পৰিদৰ্শক বীৰেন কুমাৰ বৰা।

বৰাক উত্‍‍কোচ লওঁতেই অসম চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখা (The Vigilance & Anti Corruption Bureau of Assam)ই হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ এটা সূত্ৰই জনোৱা মতে, যান-বাহন শাখাৰ আৰক্ষী উপ-পৰিদৰ্শক বৰাই পল্টন বজাৰস্থিত হোটেল ভিক্টোৰিয়া নামৰ এখন হোটেলৰ বাৰত জয়ন্ত দাস নামৰ এজন লোকৰ পৰা ২০ হাজাৰ টকা উত্‍‍কোচ দাবী কৰিছিল।

আন এটা সূত্ৰৰ মতে হোটেলখনৰ পৰিচালকজনকো গ্ৰেপ্তাৰ কৰিছে। ৮ আগষ্টত দুয়োজনকে আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ কথা।