সীমান্তত অসমৰ ভূমিত থকা মছজিদ দখল কৰিলে মিজোৰাম আৰক্ষীয়ে

Mosque-570x320

সীমান্তৰ অসমৰ মাটিত থকা এটা মছজিদ মিজোৰাম আৰক্ষীয়ে দখল কৰাৰ পিছত অসম-মিজোৰাম সীমান্ত বিবাদে এক নতুন মোৰ লৈছে।

হাইলাকান্দি জিলাৰ কচুৰথলীৰ ভৈৰবী হালুম মছজিদটো মিজোৰাম আৰক্ষীয়ে দখল কৰাৰ ফলত অঞ্চলটোত বাস কৰা মুছলমান লোকসকলে মছজিদটোলৈ যাব পৰা নাই আৰু দৈনিক নামাজ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

দক্ষিম কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই মচজিদটো পৰিদৰ্শন কৰি এইক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে। এই ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে।

‘’বিষয়টো বিধানসভাত উত্থাপন কৰা হৈছিল। আমি আনকি সদন কমিটিক ঘটনাস্থলীলৈ পঠোৱাৰ অনুৰোধ কৰিছিলো। কিন্তু চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব নিদিলে,’’-নৰ্থ ইষ্ট নাওৰ আগত পুৰকায়স্থই এইদৰে কয়।

‘’ বিজেপিয়ে শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিখন ৰাজ্যৰ নিৰ্বাচনত কেনেকৈ আঞ্চলিক দলবোৰৰ লগত ভুৱা মিত্ৰতাৰে ক্ষমতা দখল কৰিছে আমি দেখিছো। ইয়াতো মিজোৰামত তেওঁলোকে এটা আঞ্চলিক দলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে যাতে তেওঁলোকে অহা মিজোৰামৰ নিৰ্বাচনত ৭মতা দখল কৰিব পাৰে। আমাৰ ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে নিজৰ স্বাৰ্থৰ বাবে এইবোৰ কৰিছে,’’-তেওঁ লগতে কয়।

অলপতে দুয়োখন ৰাজ্যৰ সীমা বিবাদে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছিল আৰু মিজো ছাত্ৰ সন্থাৰ সদস্যসকলৰ ওপৰত অসম আৰক্ষীয়ে লাঠী চালনা কৰিছিল। আনকি ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো আৰক্ষীয়ে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল।