সীমান্ত সম্পৰ্কীয় বিষয়ৰ আলোচনাৰ বাবে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্য মন্ত্ৰীৰ বৈঠক

মুখ্য মন্ত্ৰী

আজি ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

আৰু এই বৈঠকতে মুখ্য মন্ত্ৰী গৰাকীয়ে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ, নিৰাপত্তা ব্যৱস্থাৰ লগতে গুৱাহাটী মহানগৰীৰ পৰাই যাতে সীমান্তৰ কাম-কাজ সমূহ পৰ্যবেক্ষণ কৰিব পাৰে তাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ দিচপুৰত স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ সীমান্ত বাহিনীক নিৰ্দেশ দিয়ে।

আনহাতে বৈঠকত সীমান্ত নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া সকলে মুখ্য মন্ত্ৰীক জনাই যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বি এছ এফে সীমান্ত এলেকাৰ নিৰাপত্তাৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায় লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে ধুবুৰীত সীমান্তৰ ৬১ কি. মি. নদী এলেকাত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়া অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও মুখ্য মন্ত্ৰী গৰাকীৰ জনায়।

তাৰোপৰি গৰুৰ চোৰাং কাৰবাৰ ৰোধ কৰাৰ ক্ষেত্ৰটো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলিও বি এছ এফৰ দলটোৱে মুখ্য মন্ত্ৰী গৰাকীক জনায়।

আজিৰ বৈঠকত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া, বি এছ এফৰ শীৰ্ষ বিষয়া, এন ডি চি চি আৰু চি ডি ডব্লিউৰ বিষয়া সকল উপস্থিত আছিল।