NORTHEAST NOW (Assamese)

সীমাহীন উৎকন্ঠাৰ অন্ত পেলাই আজিৰ পৰা ১৩খন জিলাত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

January 3, 2018 9:29 am · এন ই নাও নিউজ
Updated: January 3, 2018 12:05 pm

যোৱা ২৭ ডিচেম্বৰত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰাৰ পিছতেই আজিৰে পৰা আৰম্ভ হ’ব ৰাজ্যৰ ১৩ খন জিলাৰ বিদ্যালয়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। লক্ষ্যণীয় যে তৃতীয় পৰ্যায়ৰ গুণোৎসৱত ১৭ হাজাৰ ৮৮৩ খন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ ১২লাখ ৩৭ হাজাৰ ৯২২জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে প্ৰায় বিদ্যালয়ে পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে, ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ চলিব লগা  গুণোৎসৱৰ  প্ৰথম দিনটোক শূণ্য দিন ৰূপে ধৰা হ’ব৷ এই দিনটোত বিদ্যালয় সমূহৰ শিক্ষক সকলে ছাত্ৰ ছাত্ৰী সকলৰ স্বমূল্যায়ণ কৰিব। পৰৱৰ্তী তিনি দিনত বহিঃ পৰ্যবেক্ষক (এক্সটাৰ্নেল এভালেটৰ) সকলে বিদ্যালয় সমূহত উপস্থিত থাকি ছাত্ৰ- ছাত্ৰী সকলৰ বিদ্যায়তণিক মূল্যায়ণৰ লগতে শিক্ষানুষ্ঠান খনৰ জড়িত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব৷ জানিব পৰা মতে, এগৰাকী বহিঃ পৰ্যবেক্ষকে গুণোৎসৱৰ শেষৰ তিনিদিনত মুঠ তিনি খন বিদ্যালয়ৰ বহী মূল্যায়ণ কৰিব৷ এই বহিঃ পৰ্যবেক্ষকৰ সন্তুষ্টিৰ ওপৰতে নিৰ্ভৰ কৰিব বিদ্যালয় সমূহৰ গ্ৰেড প্ৰাপ্তি। সেয়েহে প্ৰতিখন বিদ্যালয়ে বিদ্যালয়ৰ সকলো দিশ জাকত জিলিকা আৰু আকৰ্ষণীয় কৰি তোলাৰ বাবে অঘোষিত প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰী  সকলোকো  শিক্ষক-শিক্ষয়ত্ৰীসকলে যথা সম্ভৱ প্ৰস্তুত কৰি তোলাৰ বাবে অহৰহ চেষ্টা চলোৱা দেখা গৈছে।। আনহাতে গুণোৎসৱক কেন্দ্ৰ কৰি বিদ্যালয় সমূহ অৱস্থিত প্ৰতিটো অঞ্চলতে উছৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা দৃষ্টিগোচৰ হৈছে।

Related News