সুখ্যাত ইঞ্জিনীয়াৰ, পিচিজিৰ সদস্য মুকুল মহন্তৰ মৃত্যু

সুখ্যাত ইঞ্জিনীয়াৰ, অৰ্থনীতিবিদ, এসময়ৰ পি চি জিৰ অন্যতম সদস্য মুকুল মহন্তৰ আজি পুৱাৰভাগত পৰলোক ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮১ হৈছিল। সদ্য প্ৰয়াত মহন্ত ২০০৫ চনত আলফাৰ দ্বাৰা গঠিত পি চি জিৰ এজন সদস্য আছিল। অৱশ্য তেওঁ পিছত কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাটো বিপথে নিয়াৰ অভিযোগ কৰি উক্ত গোটটোৰ পৰা ওলাই আহে। উল্লেখযোগ্য যে মহন্ত এজন সুখ্যাত ইঞ্জিনীয়াৰ আছিল, যিজন এজন আই আইটিয়ান হোৱাৰ উপৰি কানাডাত আৰ্কিটেক্ট আৰু ইঞ্জিনীয়াৰ হিচাপে প্ৰায় দুই দশক ধৰি কৰ্মৰত আছিল। তাৰ পিছতে তেওঁ অসমলৈ উভটি আহে। অসমত তেওঁ গুৱাহাটীৰ মথঘৰীয়াত থাকিবলৈ লয়। মহন্তক ইতিমধ্য বহুকেইখন দেশত জনপ্ৰিয় হৈ উঠা বাঁহৰ আচবাব আৰু বাঁহ ভিত্তিক ইঞ্জিনীয়াৰিং তথা ব্যয়সাধ্য গৃহ নিৰ্মাণ কৌশলৰ বাটকটীয়া বুলি কোৱা হয়।

আনহাতে মহন্তই আলফাক প্ৰতিনিধিত্ব কৰি জেনেভালৈ গৈছিল, যাৰ সৈতে আছিল ড০ মুকুল হাজৰিকা, যিজন এতিয়া আলফাৰ সভাপতি।