দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজৰ ব্যৱসায় ত্বৰান্বিত কৰিবলৈ হ’লে অঞ্চলটোত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰিব লাগিব, এই মন্তব্য ভাৰতস্থিত পৰামৰ্শদা সংস্থা চি ইউ টি এছ ইণ্টাৰনেশ্যনেলৰ।
উল্লেখযোগ্য যে এক মুক্ত বাণিজ্য চুক্তি থকা সত্ত্বেও দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজৰ অভ্যন্তৰীণ ব্যৱসায় মাত্ৰ ৫ শতাংশহে, ইয়াৰ প্ৰধান কাৰণ পৰিবহণ ব্যৱস্থাৰ অভাৱ তথা অত্যাধিক পৰিবহণ ব্যয় বুলি সংস্থাটোৱে কয়।
এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নয়ণৰ ক্ষেত্ৰত এক গুৰুত্বপুৰ্ণ ভুমিকা ল’ব পাৰে বুলি কয় চি ইউ টি এছ ইণ্টাৰনেশ্যনেলৰ সচিব প্ৰধান প্ৰদীপ এছ মেহটায়।
‘Connectivity Imperatives in the Bay of Bengal Region’ শীৰ্ষক এক আলোচনাচক্ৰত অংশ লৈ তেওঁ এই মন্তব্য কৰে।
আলোচনাচক্ৰত ভাষণ প্ৰদান কৰি ম্যানমাৰৰ বাণিজ্য মন্ত্ৰ্যালয়ৰ স্থায়ী সচিব ট’ই আং মিণ্টে কয় যে ম্যানমাৰে ভাৰতৰ সৈতে কেইবাটাও যোগাযোগ প্ৰকল্পত কাম কৰি আছে, এই প্ৰকল্পসমূহ সম্পুৰ্ণ হৈ উঠিলে দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ মাজৰ ব্যৱধান হ্ৰাস পাব।
যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাংলাদেশৰ বৈদেশিক বাণিজ্য প্ৰতিষ্ঠানৰ সঞ্চালক অমিতাভ চক্ৰবৰ্তীয়ে কয় যে পৰিবহণ ব্যয় লাঘৱ কৰাৰ উদ্দেশ্যে চুবুৰীয়া দেশকেইখন এক বুজাবুজিত উপনীত হোৱা উচিত।