NORTHEAST NOW (Assamese)

সুযোগ্য নেতা প্ৰয়াত দেৱ কুমাৰ বৰাক স্মৰণ সদৌ অসম কৰ্মচাৰী পৰিষদৰ

April 1, 2018 11:25 am · এন ই নাও নিউজ

প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ পদত সফলতাৰে কাৰ্য্য নিৰ্বাহ কৰা প্ৰয়াত দেৱ কুমাৰ বৰাক তেওঁৰ মৃত্যু দিৱসটোত সশ্ৰদ্ধাৰে স্মৰণ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদে।

উল্লেখযোগ্য যে  ২০১১ চনৰ ৩১ মাৰ্চৰ পুৱতি নিশা এটা পথ দুৰ্ঘটনাত দেৱ কুমাৰ বৰাৰ মৃত্যু হৈছিল। সেইদিনা তেওঁ গুৱাহাটীৰ পৰা গৃহ চহৰ যোৰহাটলৈ গৈ আছিল। কাজিৰঙাৰ ওচৰৰ ৰঙাজানত তেওঁ যোৱা বলেৰ’ গাড়ীখন দুৰ্ঘটনাত পতিত হৈছিল।

দেৱ কুমাৰ বৰাৰ মৃত্যু দিৱসটো সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতি বছৰে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। কালিৰ সোঁৱৰণি অনুষ্ঠানটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ বহুকেইজন বিষয়ববীয়াই বৰাক তেওঁলোকৰ এজন অন্যতম বান্ধৱ তথা শুভাকাংক্ষী আছিল বুলি মন্তব্য কৰে। পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাই দেৱ কুমাৰ বৰাৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আত্মিক সম্পৰ্ক আছিল বুলি মন্তব্য কৰে।

অনুষ্ঠানটোত সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন ডেকা, সদৌ কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ, যুটীয়া সম্পাদক দ্বীপেন শৰ্মা, শ্যামন্ত দাস, গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তপন গোস্বামীও উপস্থিত আছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বৰা অসম আন্দোলনৰো এজন অগ্ৰণী নেতা আছিল। আনহাতে তেওঁ কিছু দিন ধৰি দৈনিক জনমভূমি নামৰ দৈনিক কাকতখনৰ সম্পাদকো আছিল।

Related News