সুস্থ গণতান্ত্ৰিক সমাজ গঢ় দিবলৈ হ’লে জনসাধাৰণক ৰাজনৈতিকভাৱে শিক্ষিত কৰি তুলিব লাগিব : হোমেন বৰগোহাঞি

আজি মহানগৰস্থিত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত বিধায়ক আব্দুল খালেকৰ ‘ৰাষ্ট্ৰবাদ-মুছলমান ইত্যাদি’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে উল্লেখ কৰে যে সুস্থ গণতান্ত্ৰিক সমাজ গঢ় দিবলৈ হ’লে জনসাধাৰণক ৰাজনৈতিকভাৱে শক্তিশালী কৰি তুলিব লাগিব। ইয়াৰ উপৰি বিশিষ্ট সাংবাদিকজনে বিধায়ক তথা বিশিষ্ট লেখক আব্দুল খালেকৰ প্ৰশংসাত পঞ্চমুখ হৈ বৰগোহাঞিৰ সৈতে তেওঁৰ পূৰ্বৰ সম্পৰ্কৰ বিষয়েও অৱগত কৰে। এই প্ৰসংগত তেওঁ উল্লেখ কৰে যে তেওঁৰ জীৱনৰ এটা অধ্যায় বিধায়ক খালেকৰ সৈতে পাৰ হৈছে।

তদুপৰি উল্লেখিত গ্ৰন্থখন তেওঁৰ নামত উচৰ্গা কৰাটো তেওঁৰ বাবে অস্বস্তিদায়ক কথা হৈ পৰিছে বুলি ৰসিকতাপূৰ্ণ মন্তব্য প্ৰদান কৰে। লগতে তেওঁৰ নামত গ্ৰন্থখন উৎসৰ্গা কৰাৰ বাবে খালেকৰ গ্ৰন্থখনৰ  প্ৰশংসা কৰিব নোৱাৰিম বুলি উল্লেখ কৰে।

উল্লেখনীয় যে আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত বৰগোহাঞিয়ে কয় যে বৰ্তমানৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেক তেওঁৰ বাবে এজন স্মৰণীয় ব্যক্তি হোৱাৰ লগতে সমগ্ৰ অসমীয়া জাতিটোৰ বাবে স্মৰণীয়। এই প্ৰসংগত তেওঁ মন্তব্য কৰে যে খালেকৰ বাবেই তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনভাৰ পাবলৈ সক্ষম হৈছিল। আনহাতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে কলগাছিয়াত তেওঁৰ সভাপতি হৈ থকাৰ দিনতে সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰ্তমান সময়ত তেনে ভিতৰুৱা অঞ্চল সমূহত অসম সাহিত্য সভাৰ কোনো অনুষ্ঠান অনুষ্ঠিত নহয়।

আনহাতে তেওঁ উল্লেখ কৰা অনুসৰি  ১৯৯৫ চনৰ প্ৰথমছোৱাতে খালেকে ৰাজনৈতিক নেতা মেহদী আলম বৰাৰ সৈতে বাতৰি কাকতত সাংবাদিকৰ চাকৰি বিচাৰি গৈছিল, কিন্তু প্ৰথম অৱস্থাত খালেকৰ গাত লেখা-মেলা কৰিব পৰা যোগ্যতা দেখা পোৱা নাছিল। বৰ্তমান সময়ত সেই সময়ৰ খালেকে এনেধৰণৰ গ্ৰন্থ প্ৰকাশ কৰিব পৰা কথাত তেওঁ আশ্চাৰ্য্য প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ কয় যে খালেকক সেই সময়ত তেওঁ চাকৰি দিয়া নাছিল যদিও অসম বাণী কাকতৰ বাবে লিখিবৰ বাবে অনুমতি দিছিল আৰু তাৰ বিনিময়ত খালেকক নগণ্য পৰিমাণৰ মাননি প্ৰদান কৰিছিল।

নিজৰ বক্তব্যৰ শেষত তেওঁ আব্দুল খালেকক আশীৰ্বাদ প্ৰদান কৰি খালেকৰ কলমেৰে ভবিষ্যতে আৰু অধিক লেখা প্ৰকাশ পোৱাটো কামনা কৰে।

উক্ত গ্ৰন্থ উন্মোচনী সভাখনৰ সঞ্চালকৰ দায়িত্বত থাকে ড০ আবু নাছাৰ ছাইদ আহমেদ। বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা আৰু বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ লগতে বিশিষ্ট সাহিত্যিক বিনন্দীৰাম দাস, ড০ মঞ্জুশ্ৰী পাঠক উপস্থিত থাকে।

সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি ড০ লক্ষ্মীনন্দন বৰাই কয় যে আব্দুল খালেকৰ প্ৰকাশিকা শক্তি উচ্চস্তৰীয় হোৱাৰ লগতে তেওঁৰ লেখা তত্ত্বগধুৰ আৰু ভাবসম্পন্ন। ইয়াৰ উপৰি ৰাষ্ট্ৰবাদৰ ধাৰণাটো স্পষ্ট ৰূপত ফুটাই তোলাৰ প্ৰয়াস কৰিছে বুলি তেওঁ উল্লেখ কৰে। ব্যক্তিৰ জীৱনক লৈ লেখা-মেলাৰ ক্ষেত্ৰত আব্দুল খালেকৰ অধিক দক্ষতা আছে বুলি কৈ বৰাই কয় যে প্ৰাক্তন মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ জীৱনৰ বিষয়েও তেওঁ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল।