NORTHEAST NOW (Assamese)

সুৰামত্ত ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ হাৰাশাস্তিৰ বলি কৰ্তব্যৰত মহিলা চিকিৎসক

August 19, 2024 9:17 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: August 19, 2024 8:25 pm

কলিকতাকে কেন্দ্ৰ কৰি দেশৰ সকলো ঠাইতে চলি আছে ধৰ্ষণ বিৰোধী প্ৰতিবাদ। কলিকতাৰ আৰজি কৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। তাৰ মাজতো চলিয়েই আছে ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনা।

এইবাৰ সুৰামত্ত ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ আক্ৰমণৰ বলি হ’ল চিকিৎসা বিজ্ঞানৰ ছাত্ৰী।

দেওবাৰে পুৱা প্ৰায় ৩:৩০ বজাত মুম্বাইৰ ছায়ন হাস্পতালত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে চিকিৎসালয়খনৰ হৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰ জি কৰ কাণ্ডৰ পিছত সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা কৰ্মক্ষেত্ৰত মহিলা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। ইফালে মুম্বাইত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তেজিত হৈ পৰিছে।

আক্ৰান্ত মহিলা চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৩:৩০ বজাত এজন ৰোগী চিকিৎসালয়লৈ আহিছিল। ৰোগীজনৰ মুখৰ এটা অংশত ঘাঁ হৈছিল, তেজ ওলাই আছিল। ৰোগী আৰু তেওঁৰ সংগীসকল সু্ৰামত্ত অৱস্থাত আছিল।

আৰক্ষীক দিয়া এজাহাৰত মহিলা চিকিৎসকগৰাকীয়ে কয় যে যেতিয়া তেওঁ ৰোগীৰ চিকিৎসা আৰম্ভ কৰিছিল তেতিয়া মদ্যপায়ী ৰোগীগৰাকী আৰু তেওঁৰ লগত থকা লোকসকলে তেওঁক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল আৰু প্ৰতিবাদ কৰিলে পিছত আক্ৰমণ কৰাৰ ভাবুকি দিছিল। আনকি তেওঁক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগো উত্থাপন হৈছে। গভীৰ নিশাৰ এই কাণ্ডৰ পিছত আতংকিত হৈ পৰিছিল চিকিৎসকগৰাকী।

এই ঘটনাৰ প্ৰতিবাদত চিকিৎসক সংগঠন BMC MARD য়ে দোষীৰ শাস্তি আৰু চিকিৎসকৰ নিৰাপত্তাৰ দাবীত থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ সন্ধান আৰম্ভ হৈছে।

Related News