NORTHEAST NOW (Assamese)

সুৰা ট্ৰেজেডি : ৰাজ্য চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ

February 26, 2019 11:06 am · এন ই নাও নিউজ
বিষাক্ত সুৰা সেৱন কৰি চিকিৎসাধীন হৈ থকা এজন ব্যক্তি। ফটো : নৰ্থ-ইষ্ট নাও

গোলাঘাটৰ শালমাৰী বাগিচাকে ধৰি কেইবা ঠাইতো বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে মৃত্যুক আঁকোৱালি লোৱা ঘটনাৰ বাবেই এতিয়া ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৰোষত পৰিব লগীয়া হৈছে অসম চৰকাৰ।

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ২৫ ফেব্ৰুৱাৰি অৰ্থাৎ সোমবাৰে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি ৰাজ্যৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। ৰাজ্য চৰকাৰে চাৰি সপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় মানৱাধিকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি জনায়।

মানৱাধিকাৰক প্ৰদান কৰিব লগীয়া প্ৰতিবেদনত কিদৰে উক্ত লোকসকলে বিষাক্ত সুৰা সেৱন কৰিলে, উক্ত ঘটনাত মৃত্যু হোৱা লোকৰ বাবে দায়ী কোন আৰু দায়ী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আদি কথা উল্লেখ কৰিব লাগিব।

আনহাতে মৃত লোকসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছে নে নাই তথা পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে, এই সকলোবোৰ তথ্য বিস্তৃতৰূপত দাঙি ধৰিব লাগিব।

উল্লেখ্য যে গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ প্ৰায় ডেৰ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে। তদুপৰি এতিয়াও বহু লোক চিকিৎসাধীন হৈ আছে। এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News