সুৰ সলনি বিজেপিৰ : মেঘালয়ত মিত্ৰতা কৰি নিৰ্বাচন খেলাৰ ইংগিত

মেঘালয়ত কংগ্ৰেছক অকলেই শাসনৰ পৰা আঁতৰাম বুলি ইমান দিনে কৈ অহা বিজেপিয়ে আজি নিজৰ স্থিতি সলনি কৰি মেঘালয়ৰ নিৰ্বাচনত অন্যান্য দলৰ সৈতে মিত্ৰতাৰ ইংগিত দিয়ে। আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত  সংবাদ মাধ্যমৰ লোকৰ আগত ৰাজ্যখন ভ্ৰমণৰত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মেঘালয়ৰ দায়িত্বত থকা ৰাম মাধৱে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মেঘালয় বৰ্তমান বিধানসভাখনৰ কাৰ্য্যকাল অহা বছৰৰ মাৰ্চত অন্ত পৰিব আৰু সেয়ে বছৰটোৰ প্ৰথমভাগতেই বিধানসভাৰ নিৰ্বাচন হোৱাৰ কথা। আনহাতে অহা ১৬ ডিচেম্বৰত ৰাজ্যখন ভ্ৰমণ কৰিবলৈ মোদী অহাৰ কথা আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ বুজ ল’বলৈ দলটোৰ ৰাষ্ট্ৰীয় সম্পাদকজনে ৰাজ্যখন ভ্ৰমণ কৰিছে। শ্বিলঙত আজি নেতাজনে সাংবাদিকৰ আগত কয়, ‘আমি বন্ধুভাৱাপন্ন দলৰ লগত হাত মিলাই চৰকাৰ গঠন কৰিব পাৰিম বুলি আত্মবিশ্বাসী হৈ আছো।’ মুকুল চাংমাৰ নেতৃত্বাধীন কংগ্ৰেছক প্ৰতিহত কৰাৰ বাবে যে আন একো উপায় নাই সেই সুৰ তেওঁৰ কথাত ফুটি উঠা দেখা গৈছিল। কিন্তু আজি কিছু দিনৰ আগলৈকে এই বিজেপি দলেই ৬০ জনীয়া সদস্যৰ বিধানসভাৰ নিৰ্বাচনত নিচেই কমেও ৪০ খন আসন পাব বুলি দাবী কৰিছিল আৰু তাৰ বাবে তেওঁলোকে ‘মিছন-৪০’ৰ কথা কৈছিল।

মেঘালয়ৰ বুদ্ধিজীৱীৰ সৈতে মত বিনিময় ৰাম মাধৱৰ।

আনহাতে সাংবাদিকে নেতাজনক বিজেপিয়ে ‘নিকা ভাবমূৰ্তি’ৰ লোকৰ পৰিৱৰ্তে দুৰ্নীতিৰ অভিযোগ থকা লোকক দলটোলৈ আদৰণি জনাইছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘মিছাকৈও দুৰ্নীতিৰ অভিযোগ যিকোনো লোকৰ বিৰুদ্ধে দিব পাৰে। মই এইটো ডাঠি ক’ম যে আমাৰ কোনো দুৰ্নীতিত জড়িত নাই।’

‘যিসকলে মুকুল চাংমাৰ দুৰ্নীতি আৰু অকৰ্মণ্যতাত বিৰক্ত হৈছে তেওঁলোক আমাৰ দলত যোগদান কৰিব পাৰে।’ এইবুলিও কয় নেতাজনে। উল্লেখযোগ্য যে যোৱা সপ্তাহত মেঘালয়ৰ দায়িত্বত থকা নেতাজনে তেওঁলোকৰ দলত যোগ দিয়া দুৰ্নীতিগ্ৰস্ত নেতাক সুৰক্ষা দি কৈছিল, ‘যেতিয়ালৈকে প্ৰমাণ নহয়, তেতিয়ালৈকে সকলো নিৰ্দোষী।’ অসমতো দলটোৱে দুৰ্নীতিৰ অভিযোগ থকা ড০ হিমন্ত বিশ্ব শৰ্মাক দলত আদৰি লৈছিল আৰু তেওঁ এতিয়া ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিত্ত, শিক্ষা, তথা স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লৈ আছে।

আনহাতে আজি এখন সভাত ৰাম মাধৱে মেঘালয়ৰ বুদ্ধিজীৱীৰ সৈতেও আলোচনাত ভাগ লয়।