NORTHEAST NOW (Assamese)

সেউজ ন্যায়াধীকৰণৰ গেছ ক্ৰেকাৰ বন্ধ কৰাৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

December 14, 2017 7:45 am · এন ই নাও নিউজ

গেছ ক্ৰেকাৰ প্ৰকল্পৰ ব্যাপক প্ৰদূষণ সম্পৰ্কত সেউজ ন্যায়াধীকৰণত তৰা এক গোচৰৰ ভিত্তিত ন্যায়াধীকৰণে প্ৰকল্পটো বন্ধ কৰিবলৈ দিয়া নিৰ্দেশে গেছ ক্ৰেকাৰ প্ৰকল্পটোৰ ভৱিষ্যতকলৈ অনিশ্চয়তা আহি পৰিছে। অৱশ্যে, কালি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশটোত স্থগিতাদেশ জাৰি কৰিছে। অসম চুক্তিৰ আধাৰত অসমত স্থাপন হোৱা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড (বি চি পি এল) বন্ধৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশটোৱে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গেছ ক্ৰেকাৰ প্ৰকল্পটোৰ ব্যাপক প্ৰদূষণক লৈ ছৈখোৱা- শদিয়া মীন সমবায় সমিতি আৰু ডিব্ৰুগড় ফিচাৰী কো-অপাৰেটিভ ছ’চাইটি লিমিটেডে সেউজ ন্যায়াধীকৰণত দুখন আবেদন জনাইছিল। উক্ত আবেদনত সমবায় সমিতি দুখনে অভিযোগ কৰিছিল যে গেছ ক্ৰেকাৰ প্ৰকল্পটোৰ পৰা নিস্কাষিত ৰাসায়নিক পদাৰ্থ পোনপটীয়াকৈ ব্ৰহ্মপুত্ৰত পৰাৰ ফলত নৈখনৰ পানী প্ৰদূষিত হৈ পৰিছে।

প্ৰদূষণ সংক্ৰান্তীয় এই বিষয়টোত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদকে ধৰি সংশ্লিষ্ট বিভিন্ন চৰকাৰী পক্ষই সেউজ ন্যায়াধীকৰণত নিজৰ নিজৰ বক্তৱ্য দাঙি ধৰিছিল। কিন্তু এইক্ষেত্ৰত শুনানিত উপস্থিত থাকিবলৈ জাননী লাভ কৰাৰ পিছতো বিচিপিএল কৰ্তৃপক্ষই কোনো সঁহাৰি নিদিলে। বিচিপিএলৰ এনে উদাসীনতাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ক্ষুব্ধ হৈ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত গেছ ক্ৰেকাৰ প্ৰকল্পটো বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কঠোৰ নিৰ্দেশৰ পিছত উপায়ন্তৰ হৈ বিচিপিএল কৰ্তৃপক্ষই ন্যায়াধীকৰণৰ উক্ত নিৰ্দেশটো বিবেচনা কৰিবলৈ এখন আবেদন দাখিল কৰে। ন্যায়াধীকৰণে তেওঁলোকৰ আবেদনৰ শুনানিৰ দিন অহা ১৬ জানুৱাৰী ধাৰ্য কৰিছে।

ইপিনে, ইয়াৰ মাজতে বিচিপিএল কৰ্তৃপক্ষই ন্যায়াধীকৰণৰ উক্ত নিৰ্দেশৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখন লেখ আবেদন দাখিল কৰিছিল। বুধবাৰে এই আবেদনৰ শুনানি লৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৃষিকেশ ৰয়ৰ এজনীয়া বিচাৰপীঠে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ উক্ত ৰায়টোত স্থগিতাদেশ জাৰি কৰে।

উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ সময় দি কেন্দ্ৰ, ৰাজ্য চৰকাৰ, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদকে ধৰি সংশ্লিষ্ট চৰকাৰী পক্ষলৈ জাননী জাৰি কৰি তেওঁলোকৰ স্থিতি জনাবলৈ নিৰ্দেশ দিয়ে।

 

Related News