সেনাৰ অভিযানত তিনিচুকীয়াৰ বৰডুমচাত দুৰ্ধৰ্ষ এনএছচিএন(কে)ৰ কেডাৰ ধৃত

nscn

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী চকীৰ অন্তৰ্গত অসম- অৰুণাচল সীমান্তৱৰ্তী কৰৈজানত সেনাই এক  অভিযানত চলাই এটা দুৰ্ধৰ্ষ এএছচিএন(কে) কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৰ হৈ ২০১১ চনৰ পৰা কাম কৰি অহা বুলি স্বীকাৰোক্তি দিয়া ধৃত এএছচিএন(কে) কেডাৰটোৱে নিজকে এছএছ কৰ্প’ৰেল লাইচাট ৱাংপান বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্দিষ্ঠ তথ্যৰ ভিত্তিত সেনাবাহিনীয়ে দীৰ্ঘদিনৰ পৰা বৰডুমচাত সন্দেহজনক গতিবিধিৰে ঘূৰি ফুৰা এএছচিএন(কে) কেডাৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈ আছিল।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দেওবাৰে বৰডুমচা- কৰৈজান অঞ্চলত চলোৱা অভিযানত এএছচিএন(কে) কেডাৰজন জানত পৰে।ইতিমধ্যে এএছচিএন(কে) কেডাৰটোক তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীক চমজাই দিছে সেনাই। অৱশ্যে ধৃত এএছচিএন(কে) কেডাৰটোৰ পৰা আৰক্ষীয়ে একো অস্ত্ৰ- শস্ত্ৰ বা আন কোনো আপত্তিজনক নথি- পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসম- অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়াৰ বৰডুমচা অঞ্চলটো সম্প্ৰতি নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন সমূহৰ ৰম্যভূমি হৈ পৰা দেখা গৈছে। সেয়েহে এইক্ষেত্ৰত প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।