সেনাৰ সূত্ৰ মতে মুৰব্বী বিপিন ৰাৱাটৰ মন্তৱ্য ‘ৰাজনৈতিক বা ধৰ্মীয়’ নহয় : প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বদৰুদ্দিন আজমলেও

612345-bipin-rawat1

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাট

ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটে অসমৰ কেইবাখনো জিলাত মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱা আৰু বদৰুদ্দিন আজমলৰ নেতৃত্বৰ অল ইণ্ডিয়া ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইইউডিএফ)ৰ উত্থান সম্পৰ্কে কৰা মন্তৱ্যই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বুধবাৰে এখন আলোচনা চক্ৰত জেনেৰেল ৰাৱাটে বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজনৰ বিৰুদ্ধে সতৰ্ক কৰি দি ইয়াক চীনৰ সহায়ত পাকিস্তনে চলোৱা এক ছায়াযুদ্ধ বুলি মন্তৱ্য কৰিছিল।

সেনাৰ সূত্ৰসমূহে কৈছে যে জেনেৰেল ৰাৱাটে যি কৈছে তাত কোনো ‘’ৰাজনৈতিক বা ধৰ্মীয়’’ বিষয় নাই।

জেনেৰেল ৰাৱাটে কৈছিল, ‘’ এআইইউডিএফ নামেৰ এটা দল আছে। আপুনি যদি ইয়ালৈ চায়, তেওঁলোকৰ বিজেপিৰ ইমান বছৰে যিমান উত্থান হ’ল তাতকৈ দ্ৰুতভাৱে উত্থান ঘটিছে।‘’ তেওঁ লগতে কৈছিল যে বিজেপিয়ে ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত মাত্ৰ দুখন আসন লাভ কৰিছিল। ‘’অসমত এআইইউডিএফে দ্ৰুত গতিত আগবাঢ়িছে।‘’

২০০৫ চনত গঠন হোৱা এআইইউডিএফৰ ৩ জন সাংসদ আৰু ১৩ জন বিধায়ক আছে।

‘’মই নাভাৱো যে আপুনি এতিয়া অঞ্চলটোৰ জনসংখ্যাৰ স্থিতি পৰিৱৰ্তন কৰিব পাৰিব,’’-ৰাৱাটে মন্তৱ্য কৰিছিল।

সেনাৰ মুৰব্বীগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে কৈছিল যে বাংলাদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ হোৱা প্ৰব্ৰজন ‘পৰিকল্পিত’ আছিল আৰু এয়া চীনৰ সমৰ্থনত পাকিস্তানৰ ছায়াযুদ্ধৰ এক অংশ আছিল।

বাংলাদেশী অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম চলি আছে।

বদৰুদ্দিন আজমলে সেনা মুৰব্বী গৰাকীয়ে তেওঁৰ দলৰ বিষয়ে কৰা মন্তৱ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইট কৰিছে : ‘’ জেনেৰেল বিপিন ৰাৱাটে এটা ৰাজনৈতিক বিবৃতি দিছে, আশ্চৰ্যজনক, সেনাৰ মুৰব্বী এগৰাকীৰ বাবে বিজেপিতকৈ দ্ৰুত গতিত উত্থান হোৱা গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল এটাৰ বিষয়ে চিন্তাৰ কি কাৰণ থাকিব পাৰে? এআইইউডিএফ, আম আদমী পাৰ্টিৰ দৰে বিকল্প দলবোৰৰ উত্থান ঘটিছে ডাঙৰ দলবোৰৰ অপশাসনৰ বাবে।‘’