সেনা-আৰক্ষীয়ে আটক কৰিলে এন ডি এফ বিৰ কেডাৰক

যোৱা ১৩ ডিচেম্বৰত কোকৰাঝাৰত নিশা ৮ বজাত সংঘৰ্ষৰ সময়ত এজন ছাৰ্জেণ্ট মেজৰক গুলীয়াই নিহত কৰাৰ পিছত এন ডি এফ বিৰ আন এজন কেডাৰক আজি সেনা-আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো। আৰক্ষীৰ সূত্ৰই কয় যে আজি গ্ৰেপ্তাৰ হোৱা এন ডি এফ বিৰ কেডাৰজন সিদিনাৰ সংঘৰ্ষটোতে আহত হৈছিল। আঘাত পালেও তেওঁ আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হৈছিল। আঘাতপ্ৰাপ্ত কেডাৰজনক আজি কোকৰাঝাৰৰ ডোম বজাৰ-ৰঙাপাৰা অঞ্চলত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ নাম মাতিয়াছ নাৰ্জাৰী ওৰফে এন মৌটি বুলি আৰক্ষীৰ সূত্ৰটোৱে জনাইছে। তেওঁৰ পৰা এটা ৯ এম এম পিষ্টল, ৫জাঁই গুলী উদ্ধাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক সংকটজনক অৱস্থাত গোসাঁইগাৱঁত থকা আৰ এন বি চিকিৎসালয়লৈ নিয়ে আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ স্থানান্তৰ কৰা হয়। আৰক্ষীৰ সূত্ৰটোৱে কয় যে পৰহিৰ সংঘৰ্ষত নিহত ছোহেন নাৰ্জাৰীকে ধৰি মুঠ ছজন এন ডি এফ বি বিদ্ৰোহীয়ে কূটাঘাতৰ লক্ষৰে কোকোৰাঝাৰ জিলাত প্ৰৱেশ কৰিছিল। সিদিনা বিশেষ সূত্ৰৰ পম খেদি তিনিজন উগ্ৰপন্থীয়ে ডোমবজাৰ অঞ্চলত অৱস্থান কৰা বুলি গম পাইছিল আৰু আৰক্ষী-সেনাই তৎক্ষণাত অভিযান চলাইছিল।