সেনা-আৰক্ষীৰ যৌথ অভিযানত এনডিএফবি(ছ)ৰ প্লেটুন কমাণ্ডাৰ জৰডান নাৰ্জাৰি নিহত

Representative image of Indian army

প্ৰতিনিধিত্বমূলক ছবি

চিৰাং জিলাৰ আমগুৰি আৰক্ষী আৰু সেনা বাহিনীয়ে চলোৱা এক যৌথ অভিযানত আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি গাৱঁত আজি এজন এনডিএফবি কেডাৰ নিহত হয়।

নিহত উগ্ৰপন্থীজনক এনডিএফবি(ছ) গোটৰ প্লেটুন কমাণ্ডাৰ জৰডান নাৰ্জাৰি ওৰফে এন জাওলাং (২৭) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী সূত্ৰৰ অনুসৰি বেলগুৰি গাৱঁৰ কোনো লোকৰ ঘৰত এনডিএফবি(ছ)ৰ কেডাৰে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি আমগুৰি আৰক্ষী আৰু সেনা বাহিনীয়ে অঞ্চলটোত এক যুটীয়া অভিযান চলাই।

সূত্ৰটোৱে কয়,’ ঠাইদুখৰ ঘেৰি ধৰাৰ সময়তে আৰক্ষী তথা সেনা বাহিনীৰ দলে এঘৰ লোকৰ খিৰিকিৰ পৰা দুজন সন্দেযুক্ত উগ্ৰপন্থীক পলাই যোৱা দেখা পাই। তেওঁলোকক ৰ’বলৈ কোৱাত উগ্ৰপন্থী দুজনে আৰক্ষীৰ দললৈ গুলীয়াবলৈ ধৰাত প্ৰত্যুত্তৰত আৰক্ষী তথা সেনা বাহিনীৰ দলেও গুলীচালনা কৰে।’

গুলীচালনা বন্ধ হোৱাৰ পিছত অভিযানকাৰী দলে এজন উগ্ৰপন্থীক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে। উগ্ৰপন্থীজনক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আনহাতে আনজন উগ্ৰপন্থী পলাই যাবলৈ সক্ষম হয় বুলি সূত্ৰটোৱে সদৰি কৰে।

নিহত উগ্ৰপন্থীজনৰ কবলৰ পৰা এটা ৭.৬২ এমএম পিস্তল, এটা ৭.৬২ এমএম মেগজিন, দুই জাঁই ৭.৬২ এমএম সক্ৰিয় গুলী, এটা ৩৬ এইছ ই হেণ্ড গ্ৰণেড, এটা মোবাইল ফোন তথা দুখনকৈ ছিম কাৰ্ড উদ্ধাৰ কৰা হয়।

আনহাতে উগ্ৰপন্থী দুজনে আশ্ৰয় লৈ থকা ঘৰটোত তালাচি চলাই আৰক্ষীয়ে এটা .২২ পিস্তল, দুই জাঁই .২২ সক্ৰিয় গুলী, এনডিএফবি(ছ)ৰ কেইবাখনো ধন দাবী পত্ৰৰ লগতে অন্যান্য বহু সামগ্ৰী উদ্ধাৰ কৰা হয়।