সেনা বাহিনী-মৰাণ আৰক্ষীৰ যুটীয়া অভিযানত আলফা (স্বা)ৰ অভাৰ গ্ৰাউণ্ড সদস্য আটক

সেনা বাহিনীৰ ডাও ডিভিজনে আজি এক অভিযান চলাই ডিব্ৰুগড়ৰ চেপনৰ পৰা আলফা (স্বা)ৰ এজন অ’ভাৰ গ্ৰাউণ্ডৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়। আজি আলফা (স্বা)ৰ সদ্যসজন আটক হোৱা ঘটনাই উজনি অসমত যে বৰ্তমান আলফা (স্বা) সক্ৰিয় হৈ আছে তাকে প্ৰমাণ কৰে।
প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আলফা (স্বা)ৰ অ’ভৰ গ্ৰাউণ্ডৰ সদস্যৰ চলাফুৰা কৰা বুলি চোৰাংচোৱাৰ সূত্ৰৰ পৰা জানিব পাৰিছিল। আৰু এই খবৰৰ ভিত্তিতে আজি মৰাণ আৰক্ষী আৰু ৰাজপুতনা ৰাইফলচৰ ৯ নং বেটেলিয়নে যুটীয়াভাৱে অঞ্চলটোত এক অভিযান চলায়।
অভিযানকালত যুটীয়াভাৱে অভিযান চলোৱা অভিযানকাৰী দলটোৱে চেপনৰ পৰা ডিমৌলৈ মটৰচাইকেলেৰে গৈ থকা অৱস্থাত আলফা (স্বা)ৰ অভৰ গ্ৰাউণ্ড সদস্যজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন হোৱা সদস্যজনক প্ৰয়াত জি হাজৰিকাৰ পুত্ৰ দেবেন হাজৰিকা (৫৮) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
আনহাতে আটকাধীন সদস্য জনৰ পৰা আৰক্ষীয়ে এটা ৯ এম এম পিষ্টল, এটা মেগজিন আৰু পাঁচজাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আটকাধীন সদস্যজনে আলফা (স্বা)ৰ হৈ ধন দাবীকে ধৰি বহুতো কাৰ্যৰ সৈতে জড়িত আছিল বুলি স্বাকীৰোক্তি প্ৰদান কৰিছে।