সোণাৰিত বৃহৎ পৰিমাণৰ আৰডিএক্স উদ্ধাৰক লৈ চাঞ্চল্য

explosive

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সমগ্ৰ ৰাজ্যত বিশেষকৈ উজনি অসমত পুনৰ বৃদ্ধি পাইছে আলফা (স্বাধীন)ৰ ব্যাপক সক্ৰিয়তা। এইক্ষেত্ৰত বিশেষভাৱে চৰ্চিত  হৈ পৰিছে চৰাইদেউ জিলা।

জিলাখনৰ ৰহণ অঞ্চলত দেওবাৰৰ দিনৰ ভাগত আলফা (স্বাধীন)ৰ সদস্যই যোগান ধৰা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ কৰাৰ পাছত যোৱা নিশা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক অভিযানত জিলাখনৰ কানু ভোগবাৰী অঞ্চলত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনা এটিয়ে জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে যোৱা ৪ মে’ৰ দিনা জিলাখনত নিৰাপত্তা বাহিনীয়ে অত্যাধুনিক অস্ত্ৰসহ আটক কৰিছিল নিৰ্মল অসম নামৰ আলফা (স্বাধীন)ৰ কেডাৰ এজনক। উক্ত কেডাৰগৰাকীক স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক যৌথ অভিযানকাৰী দলে দেওবাৰে নিশা জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কানু ভোগবাৰী অঞ্চলত এক অভিযান চলায়।

উক্ত অভিযানকালত অনন্ত গগৈ নামৰ লোকজনৰ ঘৰৰ পাছফালৰ বাৰীৰ মাটিত পুতি থোৱা অৱস্থাত বিস্ফোৰকসহ ভালেমান সা-সামগ্ৰী উদ্ধাৰ কৰা হয়। জানিব পৰা মতে অভিযানকাৰী দলটোৱে ৭ কেজি আৰ ডি এক্স, তাঁৰ, বেটাৰী, ৰিম’ট, ডিটৰনেটৰ, কাপোৰ-কানিসহ ঔষধ আদিও উদ্ধাৰ কৰে।

আলফা (স্বাধীন)ৰ গুলীত শেহতীয়াভাৱে তিনিচুকীয়া জিলাৰ বৰডুমচা চাহ বাগিচাত অ’চি ভাস্কৰ কলিতাই প্ৰাণ হেৰুওৱাৰ পাছত উজনি অসমত নিষিদ্ধঘোষিত সংগঠনটোৰ এই সক্ৰিয়তা যথেষ্ট মনকৰিবলগীয়া।