সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ প্ৰথমখন বৈঠক

State-level-meet-570x320

গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠকত বক্তৱ্য ৰাখিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কনফাৰেন্স হলত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (আতিশয্য প্ৰতিৰোধ) আইন ১৯৮৯’ ৰূপায়নৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

‘’ যদিওৱা ৰাজ্যখনত অনুসূচীত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ বিৰুদ্ধে অপৰাধৰ ঘটনা কম, সমিতিয়ে আইনখনৰসঠিক ৰূপায়নৰ বাবে দৃষ্টি দিবই লাগিব আৰু ৰাইজক এই বিষয়ে সজাগ কৰি তুলিবলৈ জিলা পৰ্যায়ত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিবই লাগিব,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয় যে সমাজৰ সকলো শ্ৰেণীৰ লোকেই মৰ্যাদা সহকাৰে জীৱন-যাপন কৰাৰ অধিকাৰ লাভ কৰিবই লাগিব আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ প্ৰাপ্য সন্মান পাবই লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে অনুসচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ বিধায়ক আৰু ৰাজহুৱা প্ৰতিনিধিসকলক কোনো স্থানত কোনো আতিশয্যৰ ঘটনা সংঘটিত হয় তেনেহ’লে চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে  আইনখনৰ সঠিক ৰূপায়নৰ বাবে আইন, গৃহ, ভৈয়াম জনজাতি কল্যাণ আৰু পিছ পৰা শ্ৰেণী, সকলো জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ মাজত উন্নত সমন্বয় গঢ়ি তুলিবলৈ আহ্বান জনায়।

ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণী বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ নৱ শৰণীয়া, অনুসচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ কেইবাগৰাকীও বিধায়ক ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠকখনত উপস্থিত আছিল।