সোণোৱালৰ দৰে জাতীয় নায়ক অসমত কোনোকালে জন্ম হোৱা নাছিল : অখিল গগৈ

ATTACHMENT

নাগৰিকত্ব বিধেয়কৰ প্ৰসংগক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা কৃষক নেতা অখিল গগৈয়ে এইবাৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ দৰে জাতীয় নায়ক অসমত কোনোকালে জন্ম হোৱা নাছিল বুলি কোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ দিল্লী-নাগপুৰৰ শৰণ লৈ কপালত ফোঁট লোৱা জাতীয় নায়ক অসমৰ ৰাইজে বিগত দিনত প্রত্যক্ষ কৰা নাছিল৷ অসমৰ জাতীয় নায়ক বুলিলে মণিৰাম দেৱান, আনন্দৰাম ঢেকীয়াল ফুকন আদিকহে আমি জানো৷— এই মন্তব্য কৃষক নেতা অখিল গগৈৰ৷

কালি দুলীয়াজানৰ ডেইলি বজাৰস্থিত লখিমী পেলেচত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, সদৌ অসম চুতীয়া ছাত্র সন্থা, সদৌ অসম গোর্খা ছাত্র সন্থা, সদৌ অসম আদিবাসী ছাত্র সন্থা, ছাত্র মুক্তি সংগ্রাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, সদৌ অসম মটক যুৱ-ছাত্র সন্মিলন, সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্র সন্মিলনী, বৃহত্তৰ অসমীয়া মহিলা মঞ্চ, মটক মহিলা পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিসমূহৰ যৌথ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অনুষ্ঠিত বিশাল প্রতিবাদী নাগৰিক সভাত কৃষক নেতা অখিল গগৈয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

কালি প্রতিবাদী সভাৰ যোগেদি মুখ্য মন্ত্রীক ক্ষুৰধাৰ সমালোচনা কৰি কৃষক নেতাজনে সর্বানন্দ সোণোৱালক দিল্লী-নাগপুৰৰ ওচৰত আঁঠু ল’বলৈ এৰি অসম আৰু অসমীয়াৰ স্বার্থত মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰি ৰাইজৰ পক্ষত থিয় দিবলৈকো মুকলি আহবান জনায়৷

সাংবাদিক জয়ন্ত ভূঞাই আঁত ধৰা প্রতিবাদী সভাখনত যুৱ-ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয়— ‘ৰাইজৰ প্রতিবাদ যি চৰকাৰে উপেক্ষা কৰে সেই চৰকাৰৰ পতন হোৱাটো নিশ্চিত বুলি ইতিহাসে কয়৷ যুৱ-ছাত্র পৰিষদৰ স্পষ্ট মত ১৯৭১ চনৰ পাছত অহা কোনো বিদেশীৰ বোজা অসমে গ্রহণ নকৰে’৷ যুৱ-ছাত্র পৰিষদ বঙালী বিদ্বেষী নহয় বুলি কৈ সকলো বঙালী সংগঠনকে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ তেওঁ আহবান জনায়৷

সভাৰ আনজন বক্তা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রাধ্যাপক ড০ সত্যকাম বৰঠাকুৰে কয়— ‘আমি ভাৰতবর্ষৰ সংবিধানক শ্রদ্ধা কৰোঁ৷ বিধেয়কখন আইনত পৰিণত হ’লে সাংবিধানিক চৰিত্র হেৰুৱাব৷ ভাৰতত নির্যাতিত মুছলমানসকলৰ দৰে বাংলাদেশত কোনো হিন্দু লোক নির্যাতিত হোৱা নাই৷ চৰকাৰৰ যদি সদিচছা আছে তেন্তে অসমৰ ৩০ লাখ নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ কথা চিন্তা কৰক৷’

দুলীয়াজানৰ শিক্ষাবিদ পূর্ণকান্ত হাজৰিকা, হেমকান্ত গগৈ, জ্যেষ্ঠ সাংবাদিক কৰুণজ্যোতি শইকীয়াকে ধৰি দুই সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত সদৌ অসম ছাত্র সন্থা, কৃষক মুক্তি সংগ্রাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদক নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে একেখন মঞ্চত থিয় হৈ প্রতিবাদ সাব্যস্ত কৰা আৰু পৰৱর্তী সময়ত এই বিধেয়কৰ বিৰোধিতাৰে দুলীয়াজানত বিশাল গণবিক্ষোভ কার্যসূচী ৰূপায়ণ কৰাৰ আহবান জনাই দুটা প্রস্তাৱ গ্রহণ কৰা হয়৷