কাৰ্বি আংলঙৰ হৃদয়বিদাৰক হত্যাকাণ্ডটোৰ পিছত সমগ্ৰ ৰাজ্যখনতে প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ সকলোৱে দোষীক যথাযথ শাস্তি দিয়াৰ দাবী তুলিছে আৰু কিছুমানে হত্যাকাৰীকেইজনৰ নিষ্ঠুৰ মানসিকতাতকৈ তেওঁলোক যে কোনো গুণে কম নহয় তাৰ পৰিচয় দাঙি ধৰি ৰক্তাক্ত মৃতদেহৰ বিপৰীতে ৰক্তাক্ত মৃতদেহো বিচাৰিছে৷ ছ’চিয়েল মিডিয়াত জনজাতীয় লোকৰ প্ৰতি প্ৰকাশ কৰা হৈছে তীব্ৰ ঘৃণা (যি ঘৃণা বৰ্ণহিন্দুৰ এক সহজাত প্ৰবৃত্তি বুলিয়ে ক’ব পাৰি) আৰু এনে লোকসকলে প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে হিংসাৰ সমৰ্থনত থিয় দিছে৷ আশাপ্ৰদ বাতৰিটো হৈছে অসম আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত তাৎক্ষণিক পদক্ষেপ ল’ব পাৰিছে আৰু একেদৰে ৰাজ্যখনৰ বৃহৎ সংখ্যক লোকে সকলো ধৰণৰ জাতিগত বিদ্বেষৰ বিৰুদ্ধে আৰু শান্তি-সম্প্ৰীতিৰ সপক্ষত দৃঢ় অৱস্থান কৰিছে৷ অসমৰ নিচিনা বৈজ্ঞানিক মানসিকতাহীনতাৰে আবৃত্ত এখন সমাজত যে এনেধৰণৰ নিষ্ঠুৰ ঘটনা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষবৃক্ষডাল উভালি নেপেলোৱালৈকে অব্যাহত থাকিব তাকো এতিয়া সকলোৱে স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছে৷
শিৰোনামৰ মূল প্ৰসংগটোলৈ আহিছো৷ আজিৰ পৰা ত্ৰিচ বছৰমান আগতে শৈশৱৰ সময়ছোৱাত আমাৰ মননত সততে বিৰাজ কৰা বিষয়টোৱে আছিল সোপাধৰা৷ হাতত দীঘল মোনা লৈ জঁটবন্ধা দীঘল চুলিৰ এই সোপাধৰা সকলে সৰু ল’ৰা-ছোৱালী বিচাৰি ফুৰে বুলি মা-দেউতাহঁতে আমাৰ মনত ভয়ৰ সঞ্চাৰ কৰিছিল৷ ভালকৈ পঢ়া-শুনা নকৰিলে, বা অলৌ-টলৌকৈ ঘূৰি ফুৰিলে আমাক সোপাধৰাৰ ভয় দেখুৱাইছিল৷ চকলেটৰ প্ৰলোভন দি সোপাধৰাই মোনাখনত আমাক ভৰাই নিব বুলি আমি সদায় আতংকগ্ৰস্ত হৈ থাকিছিলো৷ মাজে-সময়ে কাণ বাগৰি সোপাধৰাৰ বাতৰি আমাৰ সৰু চহৰখনলৈ বগাই আহিছিল৷
এনে বাগৰি অহা কথাবোৰ শুনি মা-দেউতাৰ কপালতো চিন্তাৰ ৰেখা বিয়পি পৰা দেখা পাইছিলো৷ ল’ৰা-ছোৱালী ধৰি নিয়া সোপাধৰা আমি অৱশ্যে কাহানিও দেখা নাপালো৷ সোপাধৰা ধৰা পৰাৰ ঘটনাও শুনাৰ সুযোগ নঘটিল৷ কেৱল অলপ ডাঙৰ হোৱাত চুলি-দীঘল, মোনা লৈ ঘূৰি ফুৰা বাবা-সন্যাসী, মণি-মুকুতাৰ বেপাৰী, মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক সোপাধৰা বুলি আমি তেওঁলোকৰ গালৈ শিলগুটি দলিয়াইছিলো৷ বৃহত্তৰ বজালী এলেকাৰ ক’তো আমি সোপাধৰা কৰায়ত্ত কৰা বা নিগ্ৰহ কৰাৰ বাতৰি পোৱা নাছিলো৷
পৰৱৰ্তী সময়ত পাঠশালা বিজ্ঞান সমিতিৰ উদ্যোগত আমাৰ অঞ্চলটোত নিয়মীয়াভাৱে অনুষ্ঠিত হৈছিল বিজ্ঞানমনস্কতা বৃদ্ধি আৰু অন্ধবিশ্বাস বিৰোধী বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ৷ আমাৰ মনৰ ভিতৰৰ অন্ধকাৰবোৰ আঁতৰাই নিয়াৰ ক্ষেত্ৰত অসম বিজ্ঞান সমিতিৰ পাঠশালা শাখাৰ অৱদান আছিল অপৰিসীম৷ আজি ত্ৰিচ বছৰ পাছত সমগ্ৰ ৰাজ্যখনতে সোপাধৰা, পিছলা বাবা, ডাইনী আদিৰ নিচিনা ভ্ৰমাত্মক ঘটনাবোৰৰ প্ৰাবল্য দ্ৰুত হাৰত বাঢ়ি অহাৰ সময়ত কিছুমান মৌলিক প্ৰশ্ন উত্থাপন কৰাৰ সময় সমাগত বুলি আমি বিশ্বাস কৰিছো৷ কাৰ্বি আংলঙত ঘটা হত্যাকাণ্ডৰ লেখীয়া ঘটনা যাতে দুনাই সংঘটিত নহয় তাৰ স্বাৰ্থত এনে প্ৰশ্নবোৰ অতি প্ৰাসংগিক বুলি বিবেচনা কৰিছো :
১) আমাৰ লৰালি কালত ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় উৎসৱ আদি অনুষ্ঠিত হৈছিল তেনেই সীমিত পৰিসৰত আৰু আড়ম্বৰহীনভাৱে৷ ধৰ্মীয় কাম-কাজত মানুহ সাময়িকভাৱেহে জড়িত হৈছিল বাবে মোৰ জন্মস্থান পাঠশালাত কেইটামান নামঘৰ আৰু এটা সৰ্বজনীন হৰিমন্দিৰৰ উপস্থিতিতে সকলো ধৰ্মীয় উৎসৱ-পাৰ্বন সমাপন হোৱা দেখা পাইছিলো৷ বছৰটোত হোৱা দুৰ্গা পূজা আৰু ৰাসখনৰ বাদে বৰ বৰ হৰফেৰে আন ধৰ্মানুষ্ঠান পতা মনত নপৰে৷
এতিয়া অসমৰ সকলো প্ৰান্ততে বছৰটোৰ বাৰ মাহে ভিন ভিন ধৰ্মীয় উৎসৱৰ আয়োজন হয়৷ লাখ লাখ টকাৰ শৰাধ কৰি অনুষ্ঠিত কৰা অনুষ্ঠানত ব্যস্ত থাকে কোনো এক এলেকাৰ অলেখ লোক ৷ধৰ্মীয় উন্মাদনাক বৰ্তমানৰ চৰকাৰখনে পৃষ্ঠপোষকতা দিয়াৰ পাছৰে পৰা বৈজ্ঞানিক উদ্দীপনা, সজাগতা আমাৰ সমাজখনৰ পৰা যেন ক্ৰমে হেৰাই গৈছে৷ গলিয়ে গলিয়ে নিৰ্মাণ কৰা হৈছে ধৰ্মীয় উপাসনা গৃহ৷ এনে নিৰ্মাণৰ বাবে মন্ত্ৰী-বিধায়কসকলে আনকি জেপৰ ধনো বিনাসংকোচে ভাঙিছে৷ যদি এখন দেশৰ ৰাজনীতি-প্ৰশাসন কেৱল ধৰ্ম, পুৰাকাহিনী, কিংবদন্তি আদিৰ প্ৰভাৱেৰে চলোৱা হয়, তেন্তে সেইখন দেশৰ সাধাৰণ মানুহৰ মনৰ ভিতৰৰ পৰা সোপাধৰা কিম্বা অন্যান্য বহুৰূপী ভূতৰ আতংক আঁতৰ কৰাটো সম্ভৱনে?
২) প্ৰায় প্ৰতিদিনে অসমৰ টিভি চেনেল কেইটাই অজস্ৰ অন্ধবিশ্বাসৰ কাহিনী প্ৰচাৰ কৰে৷ বিজ্ঞাপন দিয়ে বিভিন্ন বাবা, সাধু-সন্তৰ চমৎকাৰী শক্তিৰ৷ টিভিৰ পৰ্দাত নিয়মীয়াভাৱে চলোৱা হয় জ্যোতিষ চৰ্চা, বেজালী, তান্ত্ৰিক শক্তিৰ মহাত্ম্য৷ আনকি ঘোষক, সম্পাদকসকলৰ ডিঙি, বুকু বা কাণত ওলমে বিভিন্ন ভৌতিক সম্ভাৰ৷ এনে টিভি চেনেল, সাংবাদিক আদিয়ে কি মানসিকতাৰ জোৰত সোপাধৰা সংস্কৃতিৰ বিৰোধিতা কৰিব?
৩) আজি কেইমাহমান আগতে অসমৰ এগৰাকী অনন্য শক্তিধৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বজন্মৰ পাপৰ ফলতহে মানুহৰ কেন্সাৰ হয় বুলি কৈ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল৷ একেদৰে বৰ্তমানৰ বিজেপি দলৰ বিভিন্ন শীৰ্ষ নেতাসকলৰ অন্ধবিশ্বাস, ধৰ্মোন্মদনা চকুত লগা ধৰণে বৃদ্ধি পাইছে৷ চৰকাৰ চলোৱা মানুহবোৰ যদি নিজে অন্ধবিশ্বাস, কু-সংস্কাৰৰ প্ৰচাৰক হয় তেন্তে সাধাৰণ নাগৰিকৰ মনৰ ভিতৰৰ আন্ধাৰবোৰ আৰু গাঢ় হোৱাৰ সম্ভাৱনাই বেছি৷ পুৰাকাহিনী আৰু সাধুকথাত ভাৰতীয় বৈজ্ঞানিক অৱদান প্ৰতিষ্ঠা কৰিব বিচৰা লোকসকলে অশিক্ষিত, দৰিদ্ৰ নাগৰিকসকলক কুসংস্কাৰমুক্ত কৰাটো সম্ভৱ জানো?
৪) ভাৰতবৰ্ষত বিজ্ঞানমনস্কতাৰ প্ৰসাৰ আৰু অন্ধবিশ্বাস দূৰীকৰণৰ বাবে লোৱা চৰকাৰী প্ৰচেষ্টা তেনেই সামান্য৷ চৰকাৰৰ নিয়ন্ত্ৰকসকলেই যেতিয়া ধৰ্ম-অন্ধবিশ্বাসৰ ঘোৰ সমৰ্থক হয় তেন্তে দেশৰ সাধাৰণ লোকৰ মনৰ ভিতৰৰ আন্ধাৰ কেতিয়াও আঁতৰাব নোৱাৰি৷ অসম চৰকাৰে বিগত সময়ছোৱাত যাগ-যজ্ঞ পতাৰ নামত কিমান অৰ্থ ব্যয় কৰিলে আৰু অন্ধবিশ্বাস ৰোধৰ বাবে বাস্তৱত কি ব্যৱস্থা ল’লে তাৰ খবৰ ল’লেই চৰকাৰখনৰ প্ৰকৃত স্থিতিৰ আমি উমান পাব পাৰিম৷
৫) শেহত, খুব কৌশলেৰে সমাজত হিংসাৰ নিৰ্মাণ কৰা হয় আৰু নাগৰিকে এনে হিংসাত অভ্যস্ত হৈ পৰিলে তেনে হিংসাৰ কোনো ন্যায়িক বিচাৰ নহয় বা প্ৰশাসনেও এনে হিংসাক বিচাৰৰ আউটিলৈ আনিব লাগে বুলি নাভাৱে৷ সততে টিভি চেনেলবোৰত দেখুওৱা গণ প্ৰহাৰবোৰক আমি এনে বিচাৰহীন হিংসাত স্থান দিব পাৰো৷ সন্দেহৱশতঃ প্ৰতিদিনে কিমান লোকক চোৰ, ডকাইত, গৰু বেপাৰী, ধৰ্ষণকাৰী বুলি গণপ্ৰহাৰত হত্যা কৰা হয় তাৰ তালিকাখন কোনোবাই মনত ৰাখিছেনে? এনে প্ৰহাৰ-আঘাত আদি লাইভ কৰি থাকোতে টিভি এংকৰজনৰ মাতৰ কাঠিন্য বৃদ্ধি পায়, উলাহেৰে এনে গণপ্ৰহাৰক উৎসাহ দিয়ে আৰু আমি টিভিৰ দৰ্শক বা সাধাৰণ দৰ্শকসকলে মৌন হৈ বা আনন্দেৰে এই হিংসা উপভোগ কৰো৷ মনত ৰখা ভাল যে আমাক সম্প্ৰতি প্ৰত্যক্ষ বা পৰোক্ষভাৱে হিংসাৰ পূজাৰী হিচাপে গঢ়ি তোলা হৈছে৷ যিকোনো হিংসাৰ বিৰুদ্ধে মাত মতাৰ আগতে আমি নাগৰিকসকলে হিংসা নিৰ্মাণৰ এই পাকচক্ৰৰ পৰা ওলাই আহিব লাগিব৷ হিংসাপ্ৰতিৰোধৰ সমগ্ৰ প্ৰচেষ্টা তেতিয়াহে অৰ্থপূৰ্ণ হ’ব যেতিয়া হিংসাৰ বিৰোধিতাকৰাসকলে হিংসাৰ সকলো বান্ধোন ছিঙি ওলাই আহিব পাৰে৷
লেখকৰ email: [email protected]