NORTHEAST NOW (Assamese)

স্নিগ্ধ হাঁহি মুখত লৈয়ে মৃত্যুৰ ওচৰত হাৰ মানিলে দেৱশিশু স্নিগ্ধৰাগে

March 13, 2018 1:52 pm · এন ই নাও নিউজ
Updated: March 13, 2018 3:15 pm

জটিল ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় কেইবাটাও মাহ ধৰি চিকিৎসাধীন হৈ থকা এবছৰীয়া শিশু স্নিগ্ধৰাগে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত।

চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰে নিশা প্ৰায় ১ বজাত শিশুটিয়ে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাৰ বাবে স্নিগ্ধৰাগক যোৱা ১০ মাৰ্চত প্ৰতীক্ষা হস্পিতালৰ আই চি য়ুত ভৰ্তি কৰা হৈছিল যদিও শিশুটিৰ স্বাস্থ্যৰ কোনো উন্নতি ঘটা নাছিল বিগত দিন কেইটাত।

স্মৰ্তব্য যে বিগত বৰ্ষৰ ৩ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে স্নিগ্ধৰাগৰ বাবে পোন প্ৰথমবাৰৰ বাবে গ্ৰীন কৰিডৰৰ ব্যৱস্থা কৰি গুৱাহাটী বিমানবন্দৰলৈ নিয়াৰ ব্যৱস্থা কৰিছিল। তাৰ পৰা পোনে পোনে উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীস্থিত ছাৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰা হৈছিল দেৱশিশুটিক।

পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৃত স্নিগ্ধৰাগৰ নশ্বৰ দেহ মঙলবাৰে পুৱা শোণিতপুৰৰ জিলাৰ চতিয়ালৈ নি তাতে আত্মীয়-স্বজনৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হ’ব।

এই দেৱশিশুটিৰ অকাল মৃ্ত্যুত সমগ্ৰ ৰাজ্যখনতে গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

 

Related News