‘স্প’ৰ্টছ পাৰ্ছন অব দা ইয়েৰ’ বঁটা প্ৰমীলা দৈমাৰীলৈ

দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা বৰ্ণাঢ্য কাৰ্যসূচীত এচিভাৰ এৱাৰ্ডছ ২০১৭ ৰ অধীনত ক্ৰীড়া শিতানত ভেৰগাঁও মহকুমাৰ খাগ্ৰাবাৰী নিৱাসী প্ৰতিভাৱান আৰ্চাৰ প্ৰমীলা দৈমাৰীক স্প’ৰ্টছ পাৰ্ছন অব দা ইয়েৰ বঁটা প্ৰদান কৰে। প্ৰমীলা দৈমাৰীক বঁটা প্ৰদান কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৱে। অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। মন কৰিব লগীয়া যে ওদালগুৰিৰ জীয়ৰী  প্ৰমীলাই দীৰ্ঘ দিনৰ পৰা আৰ্চাৰীত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। এই বছৰৰ আগষ্ট মাহত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় মহিলা দলৰ হৈ খেলিছিল। তাৰ আগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চাইনীজ টাইপেতো খেলাৰ সুযোগ পাইছিল। প্ৰমীলাৰ এই ধাৰাবাহিক সাফল্যৰ বাবেই সাদিন-প্ৰতিদিন গোষ্ঠীয়ে তেওঁক স্প’ৰ্টছ পাৰ্চন অব দা ইয়েৰ বঁটাৰে সন্মানিত কৰে। প্ৰমীলাৰ এই সাফল্যৰ বাবে বিটিচিৰ বিভিন্ন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰে।