স্বর্ণৰাণী হিমা দাসৰ নামত ষ্টেডিয়ামৰ বাবে মাটি প্ৰদান মাজুলীৰ সত্ৰাধিকাৰৰ

হিমা দাস

সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা, দৌৰবিদ হিমা দাসৰ নামত ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আগবঢ়াইছে মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড’ পীতাম্বৰ দেৱ গোস্বামীয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাৰ কৃতিত্বত গৌৰাম্বিত হৈ হিমাৰ গাঁৱত এখন ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ ড’ পীতাম্বৰ দেৱ গোস্বামীয়ে ষ্টেডিয়াম নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সমুদায় মাটি দান কৰাৰ কথা ঘোষণা কৰাত ভিতৰুৱা অঞ্চলটোত ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্তই নিশ্চিতভাৱে এক গতি লাভ কৰিব।

উল্লেখ্য যে নগাঁও জিলাৰ ধিং অঞ্চলত আছে আউনিআটী সত্ৰৰ ধিং শাখা সত্ৰ। এই সত্ৰৰ নামতে অঞ্চলটোত আছে বৃহৎ পৰিমানৰ ভূমি। হিমাৰ গৃহ গাঁও কান্ধুলিমাৰিত থকা সত্ৰৰ মাটিৰ পৰা হিমা দাসৰ নামত নিৰ্মাণ হ’ব লগা ষ্টেডিয়ামৰ বাবে সত্ৰই মাটি দান কৰিব। এই কথা আউনীআটী সত্ৰত সত্ৰাধিকাৰগৰাকীয়ে ঘোষণা কৰি কয় যে এই মাটি হিমাক উপহাৰ হিচাপে দিয়া হৈছে।

ভাৰত গৌৰৱ হিমাৰ নামত ষ্টেডিয়াম নিৰ্মাণৰ বাবে সত্ৰাধিকাৰে ভূমি প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে মাজুলীবাসীয়ে। সত্ৰাধিকাৰৰ আশা যে সেই ষ্টেডিয়ামৰ পৰাই যাতে আৰু দহজনী হিমাই আত্মপ্ৰকাশ কৰে।