স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লখিমপুৰত আটক আলফাৰ দুজনকৈ লিংকমেন

arrested-680x365

প্ৰতিনিধিত্বমূলক ফটো

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লখিমপুৰ জিলাত সক্ৰিয় হৈ পৰিছে আলফা (স্বা)। এই কথা প্ৰমাণ কৰিছে জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত বিহপুৰীয়া-নাৰায়ণপুৰ আৰক্ষীয়ে নাৰায়ণপুৰৰ পৰা আলফা (স্বা)ৰ দুজনকৈ লিংকমেন আটক কৰা ঘটনাই।

আটকাধীন লিংকমেন কেইজন হ’ল ক্ৰমে সঞ্জীৱ দুৱাৰ আৰু পূৰ্ণ গগৈ।

স্বাধীনতা দিৱসত জিলাখনত ক’লা পতাকা আৰু আলফা (স্বা)ৰ পতাকা উত্তোলন কৰাৰ পৰিকল্পনা আছিল আটকাধীন দুই আলফাৰ লিংকমেনে কেইটাৰ।

প্ৰাপ্ত তথ্য মতে আলফা (স্বা)ৰ নেতা বাবুল গগৈৰ সৈতে আটকাধীন এই দুই আলফাৰ লিংকমেনে টেলিফোনিক যোগাযোগ ৰাখিছিল। লগতে স্বাধীনতা দিৱসৰ পূৰ্বে আলফা (স্বা) এ জিলাখনত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে দুয়োকে আদালতত হাজিৰ কৰায় আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।