স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত বাক্সাৰ উত্তৰকুছিত উদ্ধাৰ AK-56 ৰাইফল

38750959_862012834189500_6856364424148549632_n

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠনসমূহে কূটাঘাতৰ মনোবৃত্তিৰে অসমৰ বিভিন্ন ঠাইত বাহৰ পাতি থকা উগ্ৰপন্থী সদস্যৰ বিৰুদ্ধে এই কেইদিন সেনা আৰু আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। তেনে সময়তে আজি সেনা-আৰক্ষীৰ এক অভিযানত বাক্সা জিলাৰ উত্তৰকুছিত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ।

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত দলটোৱে এটা AK-56 ৰাইফল সহ ১০ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এয়া এক বৃহৎ সাফল্য বুলি অভিহিত কৰিছে অভিযানকাৰী দলটোৱে।

জানিব পৰা মতে উত্তৰকুছিৰ এটা নিজৰাৰ পাৰত পুতি থোৱা অৱস্থাৰ পৰা সেনা-আৰক্ষীৰ দলটোৱে ৰাইফলটো আৰু গুলীখিনি  উদ্ধাৰ কৰে।

এই কাৰ্যৰ পাছতে এতিয়া উত্তৰকুছিৰ সমগ্ৰ অঞ্চলটোতে এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। তাৰোপৰি সেনা-আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি লৈ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ কোনো সদস্য উক্ত অঞ্চলটোত বাহৰ পাতি থকাৰ সন্দেহ কৰি অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে।